এগৰাকী শিক্ষকৰ বিৰুদ্ধে ছাত্রীৰ হুংকাৰ। শিক্ষকজন বিদ্যালয়ত থাকিলে নাথাকে ছাত্রী। বিদ্যালয় এৰি দিব বুলি হুংকাৰ দিয়ে। এজন নিকৃষ্ট মানসিকতাৰ শিক্ষক। নাম যাৰ আবু তাহেৰ খান। লোকজন পানীশালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ হিন্দী শিক্ষক (Shameless Hindi Teacher)। শ্ৰেণীত ছাত্র-ছাত্রীক পাঠ ভিত্তিক পাঠদান দিয়াৰ পৰিৱৰ্তে দিয়ে অশ্লীল শিক্ষা (Indecent Education)। গোৱালপাৰাৰ (Goalpara) লক্ষীপুৰত (Lakhipur) সংঘটিত হৈছে এই নিৰ্লজ্জ ঘটনা।
ছাত্র-ছাত্রীক গুগল ছাৰ্চ কৰি ‘Blue’ ফ্লিম চাবলৈ দিয়ে আবু তাহেৰে। ‘ছাত্রী দেখিলেই আপেলৰ দৰে লাগে। খাবলৈ ইচ্ছা যায়।’- এনে অশ্লীল ইংগিত দিয়ে ছাত্রীসকলক। তাকো পাঠদান চলি থকা সময়তে। কাপোৰ পিন্ধি নাহিবলৈ কয় ছাৰে।
ছাত্ৰীৰ ভাষ্য-
পূৰ্বৰ পৰাই ছাত্রীসকলক উদ্দেশ্য কৰি এনেদৰে অশ্লীল ইংগিত দি আহিছিল শিক্ষকজনে। ফলত অতিষ্ঠ হৈ পৰে অধ্যয়নৰত ছাত্রীসকলে। শনিবাৰে বিদ্যালয়ত অনুষ্ঠিত হৈছিল সম্বৰ্ধনা অনুষ্ঠানৰ। অনুষ্ঠানৰ অন্তত অভিভাৱকসকলে উত্থাপন কৰে শিক্ষকজনৰ নিকৃষ্ট মানসিকতাৰ কথা। ফলত জাঙুৰ খাই উঠে সভাস্থলীত উপস্থিত সকলো অভিভাৱক-অভিভাৱিকা।
বহু সময় ধৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে অনুষ্ঠিত হয় সভা। সভাত ভুল স্বীকাৰ কৰে শিক্ষক আবু তাহেৰ খানে (Hindi Teacher Abu Taher Khan)। কিন্তু সংবাদমাধ্যমৰ সন্মুখত এই অভিযোগ অস্বীকাৰ কৰি কয় যে- ‘মই ছাত্ৰ-ছাত্ৰীসকলক বেয়া নহ’বৰ বাবেহে মোবাইল নাচাবলৈ কও। মোবাইলত ভাল-বেয়া বহুত বস্তু থাকে, ভাল-বেয়া চিনেমা থাকে। সেইকাৰণে নাচাবলৈ কৈছিলো।
অভিযুক্ত ছাৰৰ ভাষ্য-
সভাৰ অন্তত লক্ষীপুৰ আৰক্ষীৰ (Lakhipur Police) এটা দল বিদ্যালয়ত উপস্থিত হৈ শিক্ষক আবু তাহেৰ খানক গ্ৰেপ্তাৰ কৰে।
Photo & Input: জিতু ৰাভা
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-pomegranate-benefits-for-health/10036/
Discussion about this post