বিজেপিৰ ১০০দিন উপলক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma)ই। খানাপাৰাৰ ষ্টাফ কলেজত অনুষ্ঠিত হৈছে এই সংবাদমেল।
ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰে ১০০ দিনৰ উপলক্ষে ‘অনিৰুদ্ধ যাত্ৰাৰ ১০০টা দিন’ৰ নামেৰে এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম মিজোৰামৰ সীমান্ত লাইলাপুৰত নিহত হোৱা ৬টা পৰিয়ালক সাহায্য হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰে।
৬ জন আৰক্ষীৰ পৰিয়ালে লাভ কৰে নিযুক্তি পত্ৰ।
আজি প্ৰায় ৭০০ নিযুক্তিৰে আৰম্ভ হ’ব ১ লাখ চাকৰি প্ৰদানৰ ৰূপোৱালী যাত্ৰা।
২১ আগষ্টত মাইক্ৰ’ফাইনেঞ্চৰ কোম্পানীৰ লগতো স্বাক্ষৰ হ’ব ‘MOU’।
প্ৰতিমাহে ১লাখতকৈ অধিক লোকক খোৱাপানী যোগান ধৰা হৈছে।
অহা বৰ্ষৰ ৩১ মাৰ্চৰ পূৰ্বে সম্পূৰ্ণ হ’ব ৭ লাখ লোকৰ গৃহ নিৰ্মাণ কাৰ্য ।
প্ৰতিমাহে বিদ্যুৎ বিভাগৰ পৰা ৰাজহ হৈছে ৬৫০ কোটি টকা।
বড়ো চুক্তি ৰূপায়নৰ বাবে এটা সুকীয়া বড়ো বিভাগ।
৩ মাহৰ ভিতৰত পান বজাৰৰ জেল, মালিগাঁৱৰ মুকলি উদ্যান, ফাঁচি বজাৰ জেল বটানিকেল গাৰ্ডেন কৰা হৈছে।
অৰুণোদয় আঁচনিৰ ধনৰ এহাজাৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
ভূগোল আৰু বুৰঞ্জী দশম শ্ৰেণীলৈ পঢ়াটো বাধ্যতামূলক কৰা।
৬ মাহৰ ভিতৰত গুৱাহাটীত ইলেক্ট্ৰনিক বাছ চলিব।
২০০খন ইলেক্ট্ৰনিক বাছ কিনাৰ সিদ্ধান্ত লোৱা হৈছে।
চৰকাৰৰ এবছৰৰ সময়ত গুৱাহাটী পেট্ৰ’ল-ডিজেলৰ বাছ নচলিব।
বাছৰ চালক-হেণ্ডিমেনক ১০ হাজাৰকৈ টকা দিয়া হ’ব ৷
নামঘৰ আৰু মন্দিৰৰ পূজাৰীসকলক ১৫ হাজাৰকৈ দিয়া হ’ব।
LIVE from Administrative Staff College https://t.co/d86ziPda8x
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) August 20, 2021
Photo: Twitter
Discussion about this post