Salute কনিষ্টবল হৰেন্দ্ৰ বৰ্মন; ২ লাখ টকাৰ ঘোচ (Bribe) প্ৰত্যাখ্যান কৰি ধৰা পেলালে ১ কোটি ৪৮ লাখ টকা। অসম আৰক্ষীত আন এজন Hero Cop। উৎকোচ প্ৰত্যাখ্য়ান কৰি উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ ধন। ২ লাখ টকাৰ ঘোচ প্ৰত্যাখ্যান কৰি চৰ্চাত গুৱাহাটী ৰে’লৱে ষ্টেচনৰ (Guwahati Railway Station) RPF জোৱান হৰেন্দ্ৰ বৰ্মন (RPF Constable Harendo Barman)। পল্টন বজাৰ ৰে’লৱে ষ্টেচনত ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬oo টকা উদ্ধাৰ কৰিছিল কনিষ্টবলগৰাকীয়ে।
কনিষ্টবল হৰেন্দ্ৰ বৰ্মনক মেনেজ কৰিবলৈ ২ লাখ টকা ঘোচ (Bribe) দিছিল টকাখিনিৰ সৈতে আটক হোৱা ৩জন লোকৰ ভিতৰৰ এজন লোকে। ২ লাখ টকা গ্ৰহণ নকৰি টকাখিনি জব্দ কৰে কনিষ্টবল হৰেন্দ্ৰ বৰ্মনে। ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ৰে’লৱে আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাই। RPF জোৱানজনৰ সততাক প্ৰশংসা কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।
উল্লেখ্য মঙলবাৰে ১ কোটি ৪৮ লাখ ৩০ হাজাৰ ৬oo টকা উদ্ধাৰ কৰে ৰেল’ৱে আৰক্ষীয়ে (Railway Police Seized Money)। গুৱাহাটীৰ পল্টনবজাৰ ৰেল’ৱে ষ্টেচনত (Guwahati Paltanbazar Railway Station) জব্দ এই বৃহৎ পৰিমাণৰ টকাখিনি।
লগতে আৰক্ষীয়ে (Guwahati Police) আটক কৰে ৩জন লোককো (3 Person Arrest)। ধৃত লোক তিনিজন উত্তৰ প্ৰদেশৰ অভিষেক শৰ্মা, ৫২ বছৰীয়া উত্তৰ প্ৰদেশৰ উমেশ চান্দ শৰ্মা আৰু নতুন দিল্লীৰ পৱন কুমাৰ। এই তিনিজন যুৱকে তিনিটা বেগত লৈ আনিছিল টকাখিনি।
টকাখিনি সোমবাৰে অৰুণাচলৰ পৰা অভিষেক শৰ্মা নামৰ লোকজনে লৈ আনিছিল বুলি জানিব পৰা গৈছে। বাকি দুজন লোকে পূৰ্বৰে পৰা পল্টন বজাৰৰ আশে-পাশে থকা হোটেলত বাস কৰি আছিল। টকাখিনি কিয় কাক দিবলৈ ক’ৰ পৰা কেনেদৰে আনিছিল প্ৰকৃত তথ্য জানিব পৰা হোৱা নাই।
আৰক্ষীৰ আগত মুখ খোলা নাই আটক কৰা লোককেইজনে। তিনিওজনৰ বিৰুদ্ধে GRP 20/2022 IPC 120B/417/420/379/34 নম্বৰত ৰুজু হৈছে গোচৰ। আদালতত হাজিৰ কৰোৱা হ’ব তিনিওজন লোককে। টকা গণনা কৰা মেচিন আনি টকাখিনি গণনা কৰি শেষ কৰিলে GRP-এ।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/chanakya-niti-motivational-quotes-lakshmi-ji-blessings/6902/
Discussion about this post