গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতীয়ে (Guwahati Girl) আলফা স্বাধীন (ULFA-I)ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। আলফা স্বাধীনত যোগদান কৰা বুলি খবৰ প্ৰকাশ পোৱা যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ উজান বজাৰ (Uzan Bazar)ৰ খাৰঘূলীৰ জয়পুৰত।
যুৱতী দুগৰাকীয়ে ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড়লৈ (Dibrugarh) যাঁও বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে যুৱতী দুগৰাকীয়ে বুধবাৰে আলফা স্বাধীনৰ (ULFA-I) কেম্পত উপস্থিত হৈছে। আন এক সূত্ৰই জনোৱা মতে উজনিৰ এজন শীৰ্ষ আলফা নেতাৰ তত্বাৱধানত যুৱতী দুগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰিছে।
যুৱতী দুগৰাকীয়ে কমফোৰ্ট নামৰ এটা কোম্পানীত কাম কৰিছিল। অৱশ্যে এই মুহূৰ্তলৈকে আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য জনোৱা হোৱা নাই। পৰিয়ালৰ লোকে জনোৱা মতে, ২০১২ চনত আলফা স্বাধীনত (ULFA-I) যোগদান কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল সৰস্বতী দাস নামৰ যুৱতীগৰাকী। পিছত ভৰলুমুখত উদ্ধাৰ কৰা হৈছিল। কিন্তু গুৱাহাটীৰ আনগৰাকী যুৱতীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।
Photo: Khatang Khobor
Discussion about this post