পুনৰ সুৰা বিক্ৰীৰে অভিলেখ ৰচিলে গুৱাহাটীয়ে (Sale Of Liquor During Durga Puja)। বিশ্বকৰ্মা পূজাৰ পিছত পুনৰ দুৰ্গা পূজাতো সুৰা বিক্ৰী হয় ৰচিলে অভিলেখ। বিশ্বকৰ্মা পূজাৰ দিনটোত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰী হয় ৰচিছিল অভিলেখ।
পুনৰ দুৰ্গা পূজাতো সুৰা বিক্ৰীৰে অভিলেখ গঢ়িলে গুৱাহাটীয়ে (Guwahati)। পূজাৰ তিনি দিনত গুৱাহাটীত বিক্ৰী হ’ল ১৭ কোটি টকাৰ সুৰা (17 Crore Liquor Sale)। ইয়াৰে ষষ্ঠীৰ দিনা আটাইতকৈ বেছি সুৰা বিক্ৰী হয়। হিচাপ অনুসৰি ৬.৭৫ কোটি টকাৰ সুৰা বিক্ৰী কৰা হয় এই দিনটোত।
পূজাৰ মাজত দুটা দিন ড্ৰাই ডে’ (Dry Day) ঘোষণা কৰাত বন্ধ আছিল সুৰাৰ দোকানসমূহ। কিন্তু তাৰ পিছতো সুৰা বিক্ৰীৰে অভিলেখ ৰচে গুৱাহাটীয়ে।
গুৰুত্বপূৰ্ণভাৱে পূজাৰ সময়ত পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটী চিকিত্সা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈছিল ৩৬৮গৰাকী লোক।
Photo: Google




























Discussion about this post