মহানগৰীৰ (Guwahati) বেলতলাত (Beltola) এক নৃশংস হত্যাকাণ্ডৰ (Murder Case) ঘটনা সংঘটিত হৈছে। বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ দম্পতীক। আৰক্ষীৰ প্ৰাথমিক তদন্তত ডকাইতৰ দলে এই হত্যাকাণ্ড (Murder Case) সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত। ঘটনাস্থলীত ফৰেনচিকৰ দলো উপস্থিত হৈছে। স্নিফাৰ ডগলৈ ঘটনাৰ ক্লু বিচাৰি চলাইছে অভিযান।
দুৰ্বৃত্তৰ আক্ৰমণ নিহত (Death) দম্পতীৰ নাম ক্ৰমে- ননী বৰুৱা (৮৬) আৰু তেওঁৰ পত্নী মীনা বৰুৱা (৮০)। বৃদ্ধ দম্পতী হালৰ দুই পু্ত্ৰ আৰু কন্য়া সন্তান কৰ্মসূত্ৰে অসমৰ বাহিৰক থাকে। কন্যা সন্তান মুম্বাই আৰু পুত্ৰ লণ্ডনত কৰ্মৰত বুলি জানিব পৰা গৈছে।
উল্লেখ্য খিৰিকীৰ গ্ৰীল কাটি ঘৰত সোমাইছিল ডকাইত ৰূপী দুৰ্বৃত্ত! প্ৰাথমিক ধাৰণা মতে, দুৰ্বৃত্তই এখন ভঙা খিৰিকীৰে ঘৰত প্ৰৱেশ কৰি ঘৰৰ বহুকেইটা বহুমূলীয়া বস্তু লৈ উধাও হয়। ঘৰৰ দুৱাৰসমূহো ভঙা অৱস্থাত উদ্ধাৰ হৈছে।
পুৱা কেয়াৰটেকাৰে ব্ৰেকফাষ্ট দিবলৈ যাওঁতে খিৰিকীৰ গ্ৰীল কটা অৱস্থাত প্ৰত্যক্ষ কৰে। আনহাতে বৃদ্ধ দম্পত্তি হালৰ বাসগৃহতে কেয়াৰ টেকাৰ হিচাপে থকা যুৱকজনক সোধপোচৰ বাবে দিছপুৰ থানালৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।
এতিয়া এই ঘটনাক লৈ এতিয়া সকলোৰে মনত এটাই প্ৰশ্নই উত্থাপন হৈছে যে- নিশাৰ মহানগৰীত আৰক্ষীৰ (Guwahati Police) বাহিনীয়ে গিজগিজাই থকাৰ সময়তে কেনেদৰে এই বৃদ্ধ দম্পতীক হত্যা কৰিলে দুৰ্বৃত্তই? কোনে হত্যা কৰিলে দুয়োগৰাকীকে?
Photo: Khatang Khobor
Discussion about this post