গুৱাহাটী (Guwahati) মহানগৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ অভিজাত শিক্ষানুষ্ঠান ছাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীৰ অধ্য়য়নৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ (Suicide) দৰে চৰম পথ বাচি লয়। কাহিলিপাৰাত (Kahilipara) সংঘটিত হৈছে এই ঘটনা।
বুধবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত আত্মহত্যা (Suicide) কৰে কিশোৰীগৰাকীয়ে। আত্মহত্যাৰ (Suicide) কাৰণ বৰ্তমানেও জানিব পৰা নাই। কাহিলীপাৰা অঞ্চলৰ জনৈক দাসৰ কন্যা গৰাকীয়ে আত্মহত্যা কৰে।
বৰ্তমানলৈকে ছাত্ৰীগাৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে ছাত্ৰী গৰাকীয়ে কিয় আত্মহত্যা কৰিলে সেই বিষয়ে জানিব পৰা যাব।
ছাউথ পইণ্ট স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ (Suicide) ঘটনাই এতিয়া কাহিলীপাৰা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। তেওঁৰ পিতৃ চতুৰ্থ অসম আৰক্ষীৰ টাস্ক ফ’ৰ্চৰ এম টি অ’।
উল্লেখ্য যে, Covid মহামাৰীৰ ফলত সৃষ্টি হোৱা জটিল সামাজিক পৰিস্থিতিৰ মাজত অসমত ৩২৪৩জন লোকে বাছি ল’লে আত্মহত্যাৰ (Suicide) পথ । ২০২০বৰ্ষৰ এই পৰিসংখ্যা ২০১৯বর্ষতকৈ ৩৬শতাংশ অধিক । আনহাতে সমগ্ৰ দেশতে আত্মহত্যা কৰা লোকৰ সংখ্যা হৈছে ১,৫৩,০৫২জন । অতি সম্প্রতি প্রকাশ পোৱা National Crime Record Bureauৰ The Annual Deaths and Crime Record Bureauৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য।
Photo: Google
Discussion about this post