গ্ৰেপ্তাৰ হোৱাৰ দিনাই জামিনত মুকলি হ’ল চিকিৎসক নৱনীল বৰুৱা (Dr Navanil Baruah)। দেওবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰা হৈছিল গুৱাহাটীৰ প্ৰখ্যাত চিকিৎসকগৰাকীক। সন্ধিয়া গ্ৰেপ্তাৰ হোৱাৰ পিছৰ কিছু ঘণ্টাৰ পিছতে জামিন পালে নৱনীল বৰুৱাই।
গুৱাহাটীৰ হিট এণ্ড ৰাণ গোচৰ (Guwahati Hit and Run Case)ৰ অভিযুক্ত ৰাজকন্যা বৰুৱা (Rajkanya Baruah)ক কৌশলপূৰ্ণভাৱে GNRC হাস্পতালৰ ICUত চিকিৎসাৰ নামত লুকুৱাই ৰখাৰ অভিযোগত দেওবাৰে গ্ৰেপ্তাৰ হৈছিল নৱনীল বৰুৱা।
উল্লেখ্য ১ অক্টোবৰৰ মাজনিশা গুৱাহাটীৰ (Guwahati) ৰাজপথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। দুৰ্ঘটনাটোত মডেল ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত গাড়ী চলাই মহটিয়াই নিছিল ৮জনকৈ শ্ৰমিকক। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছিল আটাইকেইজন শ্ৰমিক। ঘটনাস্থলীতে ছিঙি গৈছিল এজন শ্ৰমিকৰ ভৰি। পাছলৈ চিকিৎসালয়ত আনখন ভৰিও কাটিবলগীয়া হৈছিল।
এই ঘটনাৰ সৈতে সাঙুৰ খাইছিল GNRCৰ চিকিৎসক নৱনীল বৰুৱাৰ (Navanil Baruah) নামো। দিছপুৰ আৰক্ষীয়ে (Dispur Police) চমন জাৰি কৰাৰ পিছত তিনিদিন চিকিৎসক নৱনীল বৰুৱাক জেৰা চলোৱা হৈছিল। তাৰপিছতেই দেওবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নৱনীল বৰুৱাক।
Photo: Khatang Khobor
Discussion about this post