ৰাজ্য়ৰ নিবনুৱাসকলৰ (Unemployment) বাবে ভাল খবৰ। শেহতীয়াভাৱে তৃতীয়-চতুৰ্থ বৰ্গৰ (3rd Grade And 4th Grade) পৰীক্ষাত সফলতা নাহিলেও আৰু চিন্তা কৰিব নালাগে। কাৰণ পুনৰ ওলাব নতুন নতুন চাকৰি। সংবাদ মাধ্যমৰ সন্মুখত এই কথা সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)।
তেওঁ লগতে কয় যে- ‘পৰিকল্পনা চলি থাকিব। আকৌ পোষ্ট ওলাব। অসমত Industrialization হৈয়ে আছে। আৰু এই ল’ৰা-ছোৱালীবোৰ গোটেইবিলাক নিৱনুৱা নহয়তো। ক’ৰবাত ক’ৰবাত তেওঁলোকে কোম্পানী আদিত কাম কৰিয়েই আছে। বহুতেটো দিল্লী-কলিকতাৰ পৰাও পৰীক্ষা দিবলৈ আহিছে। অসমত ২৬ লাখ নিৱনুৱা আছিল বুলি যিটো ধাৰণা কৰা হৈছিল, সেইটো কম্পিউটাৰাইজ কৰাৰ পিছত চাৰে ১২ লাখ ৫০ হাজাৰলৈ নামি আহিছে। অসমত নিবনুৱাৰ সংখ্যা কমি আহিছে। অসম এতিয়া প্ৰগতিৰ পথ গৈ আছে।
উল্লেখ্য যে, ২১ আৰু ২৮ আগষ্টত ৰাজ্যত ২৬হাজাৰ পদৰ বাবে প্ৰায় ১৪ লাখ পৰীক্ষাৰ্থীৰ মাজত সুকলমে অনুষ্ঠিত হয় নিযুক্তি পৰীক্ষা।
Photo: Google




























Discussion about this post