সম্ভেদ পোৱা গ’ল ৪ দিন ধৰি পানীৰ মাজত নিৰুদ্দেশ (Missing) হৈ থকা ৰক্তিম বৰুৱাৰ মৃতদেহ (Deadbody)। হাহচৰা কুঁহিয়াৰবাৰী ঘাতত এজন লোকে প্ৰত্যক্ষ কৰি খবৰ দিলে আৰক্ষী তথা অভিযানকাৰী দলক।
উল্লেখ্য, ৪ দিন পূৰ্বে পৰিয়ালৰ লোকৰ সৈতে প্ৰীতি ভোজ (Picnic) খাবলৈ আহি পানীৰ মাজত সন্ধানহীন (Missing) হৈছিল NRLৰ অভিযন্তা ৰক্তিম বৰুৱা। আৰক্ষী আৰু NDRF বাহিনীয়ে ৪ দিন ধৰি চলোৱা অভিযানৰ অন্তত স্থানীয় ৰাইজৰ দ্বাৰা সম্ভেদ পোৱা গ’ল ৰক্তিম বৰুৱাৰ মৃতদেহৰ।
দেওবাৰৰ বিয়লিৰ ভাগত সংঘটিত হোৱা অনাকাংক্ষিত ঘটনাৰ পাছৰে পৰা অভিযান চলাই গৈছিল SDRF বাহিনীয়ে। মঙলবাৰৰ দিনটোত NDRF বাহিনীও উপস্থিত হৈ চলাইছিল অভিযান।
Photo: Khatang Khobor





























Discussion about this post