GMCHত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা। মৰণোত্তৰ বিভাগত দালালৰ দপদপনি। মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫০০০ টকা ঘোচ (Taking Bribe Case) লোৱাৰ অভিযোগত GMCHৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক আটক (Detain)।
আটকাধীন কৰ্মচাৰীগৰাকীৰ নাম গৌতম দাস (Gautam Das)। GMCHৰ ফৰেনচিক বিভাগৰ (Forensic Department) কৰ্মচাৰী আছিল গৌতম দাস। গৌতম দাসে মৰণোত্তৰ প্ৰমাণ পত্ৰৰ বিনিময়ত GOOGLE PAY যোগে লৈছিল ধন।
মোহিত আগৰৱালা নামৰ এজন লোকৰ পৰা লৈছিল ৫ হাজাৰ টকা। ই ঘটনা সন্দৰ্ভত GMCH কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছত মেডিকেল কলেজখনৰ অধীক্ষক অভিজিৎ শৰ্মাই দাখিল কৰে এজাহাৰ। এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে (Bhangagarh Police) চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
Photo & Input: Khatang Khobor
Discussion about this post