দৰং জিলাৰ গৰুখুঁটিত প্ৰশাসনৰ উচ্ছেদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত CIDয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত আছমত আলী আৰু ছান মামুদ।
দেওবাৰে নিশা চি আই ডিৰ দলে গ্ৰেপ্তাৰ কৰে দুয়োকে। আছমত আলী বাজানপথাৰ পঞ্চায়তৰ প্ৰাক্তন সভাপতি থকাৰ বিপৰীতে ছান মামুদ সাণোৱা পঞ্চায়তৰ সভাপতি। ছিপাঝাৰ আৰক্ষীয়ে (Sipajhar Police) নিজৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ (Arrest) কৰে দুয়োজনকে।
ধলপুৰ কাণ্ডত উচটনি দিয়াৰ অভিযোগ দুয়োজন লোকৰ বিৰুদ্ধে। দুয়োকে ছিপাঝাৰ থানাত সোধা–পোছা আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে, গৰুখুঁটিৰ ঘটনাৰ (Garukhuti Incident) সৈতে জড়িত দুষ্কৃতিৰ তালিকা অসম আৰক্ষীয়ে ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে বুলি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দেওবাৰে মন্তব্য কৰিছিল।
Photo: Khatang Khobor





























Discussion about this post