সুৰা, ভাং, ড্ৰাগছত আসক্ত হৈ এচাম যুৱকে সমাজত প্ৰায়ে উশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বহু অমানবীয় ঘটনা সংঘটিত হৈ আহিছে ৷ তেনে এক ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ সমীপৱৰ্তী বালিজুৰিত ৷
দুজন অৰুণাচলী যুৱকে শিৱ থানত ভাং খাবলৈ আহি শিৱ থানৰ খুঁটা ভাঙি দিয়ে বালিজুৰিত ৷ শনিবাৰে পুৱা বালিজুৰিস্থিত এজন বৃদ্ধৰ শিৱৰ থানত অৰুণাচলী যুৱক দুজনে ভাঙৰ ৰাগীত মাতালহৈ অত্যাচাৰ কৰে ৷
বৃদ্ধই শিৱ থানত ভাং নাইকিয়া বুলি কোৱাত যুৱক দুজন খঙৰ ভমকত বৃদ্ধক মাৰিবলৈ চোচা লোৱাৰ লগতে ভাঙি দিয়ে থানৰ খুঁটা ৷ পিছত স্থানীয় যুৱকে অৰুণাচলী যুৱক দুজনক আৱদ্ধ কৰি ইটাখোলা আৰক্ষীক গতাই দিয়ে ৷
ইটাখোলা আই চি স্যামল নেওগৰ তৎপৰতাত আৰক্ষীয়ে যুৱক দুজনক আটক কৰে ৷ আটকাধীন যুৱক দুজনৰ নাম ৱাংজিদ ৱাংচন আৰু কাৰ্চা দলৈ আৰু দুয়োৰে ঘৰ অৰুণাচলত বুলি জানিব পৰা গৈছে ৷
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post