”সত্যৰঞ্জন বৰা মোৰ সমুখত আহিলেই মাৰি পেলাম”। “সি নিজেই এটা পাগল, জীয়াই থকাৰ অধিকাৰ নাই! “নামনি অসমলৈ সি আহিলেই তাক মাৰি পেলাম”। “কেনেকৈ মাৰিব লাগে আমি জানো”। “তাৰ পিছত যি হয় হ’ব”। ”অসমবাসীয়ে আমাক ফাঁচী দিলেও দিয়ক!”- বহুজন মহাপাৰ্টীৰ অসম ৰাজ্যিক সভাপতি জহিৰুল ইছলাম খানৰ হুংকাৰ।
জহিৰুল ইছলাম খান-
ইছলাম ধৰ্ম প্ৰৱৰ্তক তথা নবী হজৰত মহম্মদৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাত ধুবুৰী (Dhubri) জিলাৰ ফকিৰগঞ্জ থানাত (Fakirganj Police Station) এজাহাৰ দাখিল কৰিছে বহুজন মহাপাৰ্টীৰ অসম ৰাজ্যিক সভাপতি জহিৰুল ইছলাম খানে।
সত্যৰঞ্জন বৰাই (Satyaranjan Bora) নিজৰ ফেচবুক একাউণ্টত মুছলমান ধৰ্মালম্বী লোক সকলৰ পয়গম্বৰ তথা ইছলাম ধৰ্ম প্ৰৱৰ্তক হজৰত মহম্মদৰক ডকাইত আখ্যা দিয়াৰ লগতে হাদিছত বৰ্ণিত জান্নাতৰ স্বৰ্গীয় ৭২ গৰাকী পৰিচাৰিকাক যৌন কৰ্মী, বেশ্যা বুলি কৰা বিতৰ্কিত মন্তব্যত মনোকষ্ট দিছে মুছলমান সম্প্ৰদায়ৰ লোকক।
সত্যৰঞ্জন বৰাই নিজৰ ফেচবুকত কৰা এনে বিতৰ্কিত পোষ্ট ভাইৰেল হৈ পৰাত জাঙুৰ খাই উঠিছে অসমৰ মুছলমান সমাজ। আজি ধুবুৰী জিলাৰ পোৰাভিটা অঞ্চলৰ সচেতন নাগৰিক তথা বহুজন মহাপাৰ্টীৰ অসম ৰাজ্যিক সভাপতি জহিৰুল ইছলাম খানে ফকিৰগঞ্জ আৰক্ষী (Fakirganj Police) থানাত এখন এজাহাৰ দাখিল কৰে।
Photo & Input: সামিম জাকাৰিয়া
Discussion about this post