পিঠিত হেলমেট, কান্ধত হেলমেট, হাতত হেলমেট (Helmet)। কিন্তু মূৰত নাছিল হেলমেট। যাৰ পৰিণতিত- ‘কাটিলে চালান।’ এখন বাইকত ২২-২৩টা হেলমেট কঢ়িয়াই নিয়া হেলমেট বিক্ৰেতাক হেলমেট নিপিন্ধাৰ বাবেই ধৰিলে আৰক্ষীয়ে। কাটিলে চালানো।
দৰাচলতে হাতত ২২-২৩টা হেলমেট লৈ যোৰহাটৰ পৰা বাইকেৰে হেলমেট বিক্ৰী কৰিবলৈ আহিছিল কেইজনমান অনা অসমীয়া ব্যৱসায়ীয়ে। কিন্তু লগত ২২-২৩টা হেলমেট থাকিও মূৰত হেলমেট নিপিন্ধাৰ বাবেই বিক্ৰেতাকেইজনক জৰিমনা বিহে আৰক্ষীয়ে (Fine For Not Wearing Helmet)।
যোৰহাটৰ এই ঘটনাটোৱে হাঁহিৰ খোৰাক তুলিছে ছচিয়েল মিডিয়া ব্যৱহাৰীক। এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিঅ’টো (Social Media Viral Video)।
Photo: News8 Northeast
Published By: Dulu Medhi
Discussion about this post