যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ (Zubeen Garg) অসুস্থ। উচ্চৰক্তচাপ জনিত সমস্যাত আক্রান্ত হৈছে জুবিন। নিশা ১০ বাজি ৪৫ মিনিটত গড়চুকস্থিত আয়ুৰসুন্দ্ৰা ছুপাৰস্পেচিয়েলিটী হাস্পতালত (Ayursundra Superspecialty Hospital) ভৰ্তি কৰোৱা হয় জুবিনক।
বৰ্তমান হাস্পতালখনৰ তৃতীয় মহলাৰ SR12 কেবিনট চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী (Singer)। অৱশ্যে জুবিন গাৰ্গৰ (Zubeen Garg) স্বাস্থ্য এতিয়া সুস্থিৰ। আজি জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে।
জুবিন গাৰ্গৰ (Zubeen Garg) লগত আছে পত্নী গৰিমা শইকীয়া গাৰ্গ, আন পৰিয়ালৰ লোক আৰু তেঁওৰ কেইবাগৰাকীও বন্ধু আৰু অনুৰাগী।
Input: পলাশ প্ৰিয়ম
Discussion about this post