মৰিগাঁৱত (Morigaon) পৰীক্ষাৰ পূৰ্বে মোবাইলে মোবাইলে নৱম-দশম শ্ৰেণীৰ প্ৰশ্ন কাকত ফাদিল (Paper Leak)। বাতিল হ’ল পৰীক্ষা (Exam Postponed)। পৰীক্ষা দিবলৈ আহি মৈৰাবাৰীত ছাত্র-ছাত্রী উভতিব লগা হ’ল। বিদ্যালয়খনত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি।
ৰাজ্যৰ শিক্ষা বিভাগৰ চৰম গাফিলতিৰ বাবে অস্বস্তিত পৰিছে পৰীক্ষাৰ্থীসকল। জানিব পৰা অনুসৰি আজি দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা আছিল। পৰীক্ষাৰ (Exam) পূৰ্বে আজি ফাদিল হোৱা প্ৰশ্নকাকতক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ মৰিগাঁও জিলাত।
সম্প্ৰতি জিলা শিক্ষা বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে পৰীক্ষা বাতিল কৰিছে। মৰিগাঁও (Morigaon) জিলাত এনেদৰে প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডই পৰীক্ষাৰ্থীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে এক অশুভ সংকেত। ২৫ নৱেম্বৰতো ফাদিল হৈছিল প্ৰশ্নকাকত।
Photo & Input: ইকবাল হুছেইন
Discussion about this post