সমগ্ৰ ৰাজ্যত বিদ্যুৎ চুৰি চক্ৰৰ বিৰুদ্ধে কঠোৰ হৈছে বিদ্যুৎ বিভাগ ৷ সেই সময়তে তেজপুৰত বিদ্যুৎ চুৰিৰ ঘটনা ধৰা পেলোৱাৰ বাবে কাৰ্যালয়ৰ ভিতৰতে আক্ৰমণৰ বলি হ’ল এজন কৰ্মচাৰী ৷ তেজপুৰ বিদ্যুৎ সংমণ্ডলৰ ছিনিয়ৰ মিটাৰ ৰিডাৰ ৰাম বনিয়াক বিভাগটোৰ ঠিকাভিত্তিক কৰ্মচাৰী ধ্ৰুৱ কলিতাই মাৰধৰ কৰে ৷
আক্ৰমণৰ কাৰণ হ’ল ধ্ৰুৱৰ খুড়ায়েক অচ্যুৎ কলিতাই তেজপুৰ চহৰৰ ব্যৱসায়ী আনন্দ কিশোৰ আগৰৱালাক বিদ্যুৎ চুৰিত সহায় কৰি দিছিল ৷ ইতিমধ্যে বিদ্যুৎ বিভাগে আগৰৱালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ৷
কিন্তু বিদ্যুৎ চুৰিত জড়িত আছে একাংশ বিভাগৰে অস্থায়ী কৰ্মচাৰী। যাৰবাবে ধ্ৰুৱ কলিতাই আক্ৰমণৰ লক্ষ্য কৰি লয় চোৰ ধৰা বিষয়াজনক ।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post