সৰ্বসাধাৰণক দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত শাসকীয় বিজেপিৰ স্থিতি নিৰ্বাচনৰ আগত আৰু নিৰ্বাচনৰ পিছত যেন আকাশ আৰু পাতাল। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলাৰ মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিম বুলি নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দি এতিয়া ওলোটা খৰ মৰা ৰাজ্য চৰকাৰৰ পাছত ৰাজ্যৰ চাহ শ্ৰমিকৰ মজুৰিক লৈ দুতলীয়া স্থিতি কেন্দ্ৰীয় চৰকাৰৰ।
নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এই দুতলীয়া স্থিতি পোহৰলৈ আহিছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সংসদত উত্থাপন কৰা এক লিখিত প্ৰশ্নৰ চৰকাৰে দিয়া উত্তৰত।
সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত অসমৰ লগতে চাহ উৎপাদিত ৰাজ্য সমূহৰ শ্ৰমিকৰ নূন্যতম মজুৰিক লৈ এক লিখিত প্ৰশ্ন উত্থাপন কৰিছিল নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে।
বৰদলৈৰ প্ৰশ্ন –
২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা Code of Wages 2019ৰ অধীনত ভৌগোলিক স্থিতি সাপেক্ষে ফ্ল’ৰ ৱেইজ (Floor Wage) নিৰ্ধাৰণৰ ক্ষেত্ৰত কি কি চৰ্ত আৰোপ কৰা হয় আৰু কি কি চৰ্তসাপেক্ষে ৰাজ্যভেদে ফ্ল’ৰ ৱেইজ (Floor Wage) নিৰ্ধাৰণ কৰা হ’ব আৰু কেতিয়ালৈ ৰাজ্যভেদে ফ্ল’ৰ ৱেইজ (Floor Wage) প্ৰকাশ কৰা হ’ব ?
সাংসদ বৰদলৈৰ এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে জনাই যে Code of Wages 2019ৰ ৯(১) অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ জীৱন ধাৰণৰ মানৰ ওপৰত ভিত্তি কৰি ফ্ল’ৰ ৱেইজ নিৰ্ধাৰণ কৰিব আৰু অঞ্চলভেদে এয়া পৃথক হ’ব । Code of Wages 2019ৰ চৰ্তাৱলী এতিয়াও বলবৎ হোৱা নাই ।
আনহতে সাংসদ বৰদলৈয়ে কি পদ্ধতিৰ ওপৰত ভিত্তি কৰি দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয়ে জনায় যে ১৯৪৮ চনত ন্যূনতম মজুৰি আইনৰ অধীনত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বিষয়টো ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণৰ এটা বিষয় আৰু ৰাজ্য চৰকাৰেই চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰন কৰিব।
কেন্দ্ৰীয় চৰকাৰৰ পৰা এই উত্তৰ লাভ কৰাৰ পাছতেই ছচিয়েল মেডিয়াত সৰৱ হৈ পৰে কংগ্ৰেছ সাংসদ জন। বিগত বিধান সভা নিৰ্বাচনৰ পূ্ৰ্বেও বিজেপিয়ে ৰাজ্যৰ চাহ শ্ৰমিক সকলৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনকি দেশৰ প্ৰধানমন্ত্ৰীকে আদি কৰি বিজেপিৰ বহু কেন্দ্ৰীয় নেতাই অসমৰ চাহ জনগোষ্ঠী অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ সভা পাতি চাহ শ্ৰমিকৰ উন্নয়নক লৈ বৃহৎ বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। চাহ শ্ৰমিকৰ মজুৰীক লৈ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীত উত্তৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ।
এই প্ৰসংগকে উত্থাপন কৰি সাংসদ বৰদলৈয়ে ছচিয়েল মেডিয়াত লিখিছেঃ “মই আজি সংসদত ভাৰত চৰকাৰক সুধিলো বোলো আমাৰ চাহ বাগিচাৰ শ্ৰমিক সকলৰ নূন্যতম মজুৰি তোমালোকে নিজে প্ৰণয়ন কৰা আইন মতে ধৰি নিদিয়া কিয় ? ক’লে নহয়, এতিয়াও অসম চৰকাৰেই নিৰ্ধাৰন কৰি দিব।
পিছে শাসকীয় দলে দেখোন নিৰ্বাচনৰ আগতে কয় এটা আৰু নিৰ্বাচনত জিকাৰ পিছত নিজে চৰকাৰ কৰি, কৰে আন এটা !”
Photo: Google
Discussion about this post