বাক্সাৰ বাৰাপেটা হাতীদল ব্লকত Black Manৰ সন্দেহত বাহনসহ চালকক আক্ৰমণ। আক্ৰমণত গুৰুতৰভাৱে আহত বাৰাপেটা মুছলিম বস্তীৰ আবুল খান।
ঘটনাত জড়িত থকাৰ সন্দেহত ৮জন যুৱকক আটক কৰে আৰক্ষীয়ে। ৰাজ্যত কিছুদিন ধৰি চলি আছিল “ক’লা মানুহ” অৰ্থাৎ Black Manৰ আতংক।
এই আতংকৰ মাজতে বাক্সাৰ লাৱদাংগুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত বাৰাপেটাত আক্ৰমণৰ বলি হ’ল এজন গাড়ীচালক। ম’বাইল টাৱাৰৰ কামৰ সংক্ৰান্তত গোৱালপাৰালৈ যোৱা AS16 D8602 নম্বৰৰ স্ক’ৰপিঅ বাহনখন নিশা গাড়ীখনৰ চালক আবুল খানে বাক্সাৰ বাৰাপেটাৰ নিজ গৃহলৈ লৈ আহিছিল।
তেনে অৱস্থাতে নিশা প্ৰায় ১০ বজাত বাৰাপেটা হাতীদল ব্লকত একাংশ তহলদাৰী যুৱকে সন্দেহৱসত গাড়ীখন ৰখায়। তাৰ পিছতে যুৱকৰ দলটোৱে অতৰ্কিতে আক্ৰমণ চলাই চালক আবুল খানক। এই আক্ৰমণত আবুল গুৰুতৰভাৱে আহত হোৱাৰ লগতে যুৱকৰ দলটোৱে গাড়ীখন ভাঙি চূৰমাৰ কৰে।
নিশাই ঘটনাস্থলীত স্থানীয় লাৱদাংগুৰী আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত আবুল খানক বৰপেটাস্থিত ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিশাই তদন্ত আৰম্ভ কৰি ঘটনাটোৰ সৈতে জড়িতৰ সন্দেহত ৮ গৰাকীকৈ যুৱকক আটক কৰে।
ইফালে স্ক’ৰপিঅ’ বাহনখনৰ গৰাকী অশোক কুমাৰ পালে এই ঘটনা সন্দৰ্ভত স্থানীয় লাৱদাংগুৰী আৰক্ষী চকীত ৯ গৰাকীতকৈও অধিক যুৱকৰ বিৰুদ্ধ এখন এজাহাৰ দাখিল কৰে। “Black man”ৰ সন্দেহত এনেদৰে স্থানীয় যুৱকে এজন যুৱকক আক্ৰমণ কৰা ঘটনাই ইতিমধ্যে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ইফালে আটকাধীন যুৱক কেইগৰাকীক মুকলি কৰি দিয়াৰ দাবীৰে থানাৰ চৌহদ উত্তপ্ত কৰি তুলিছে একাংশ পুৰুষ-মহিলাই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হয় ঘটনাস্থলীত।
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post