ৰূপহীহাটত ভেকচিন প্ৰদানৰ নামত স্বাস্থ্য কৰ্মীৰ আজৱ কাণ্ড। এগৰাকী মহিলাক এটা ভেকচিন প্ৰদান কৰাৰ পৰিৱৰ্তে একে সময়তে কাণ্ডজ্ঞানহীন ভাৱে প্ৰদান কৰিলে দুটাকৈ ভেকচিনৰ পালি।
এই ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ লাওখোৱা ৬নং ভগামুখ বালিকা মোক্তাৱ বিদ্যালয়ত। নাচিমা খাতুন নামৰ এগৰাকী মহিলাক স্বাস্থ্য কৰ্মীয়ে এটা পালি ভেকচিন প্ৰদান কৰাৰ পিছত বাৰম্বাৰ বাধা কৰাৰ পিছতো পুনৰাই দিলে ভেকচিনৰ দ্বিতীয়টো পালি।

কৰ্তব্যৰত স্বাস্থ্য কৰ্মীৰ গাফিলতিৰ বাবে এনে আজৱ কাণ্ড সংঘটিত হয় ভেকচিন কেন্দ্ৰটোত। দুটাকৈ ভেকচিন ড’জ প্ৰদান কৰা মহিলাগৰাকীৰ বৰ্তমান অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে।
Photo & Input: Abu Hanifa





























Discussion about this post