পুনৰ ৰাইজক মাধমাৰ শোধালে সামগ্ৰীৰ মূল্যই। পুনৰ বৃদ্ধি পালে ৰাজসাহায্যযুক্ত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
ইন্ধনৰ দেশৰ বৃহত্তম খুচৰা বিক্ৰেতা ইণ্ডিয়ান অ’ইল কৰ্প’ৰেচনে জাৰি কৰা এটা বিজ্ঞপ্তিত এই ৰাজসাহায্যযুক্ত প্ৰতিটো চিলিণ্ডাৰৰ দাম ১৫ টকা বৃদ্ধি কৰা বুলি জনায়।
উল্লেখ্য যে ২০২১ বৰ্ষৰ ১ জানুৱাৰীত চিলিণ্ডাৰৰ মূল্য আছিল ৬৯৪ টকা। ইয়াৰ পিছত ইয়াৰ মূল্য বাঢ়ি বাঢ়ি ১ ছেপ্তেম্বৰত হ’লগৈ ৮৮৪ টকা। ১৭ আগষ্টৰ পৰা ১ ছেপ্তেম্বৰ অৰ্থাৎ ১৫ দিনত ৫০ টকা বৃদ্ধি পাইছিল ৰন্ধন গেছৰ মূল্য।
বিগত আঠ মাহত ৰন্ধন গেছৰ মূল্য সৰ্বমুঠ ১৯০ টকা বৃদ্ধি পাইছে।
Photo: Google





























Discussion about this post