এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে নিজেই নিজৰ মুখমণ্ডলত গুলীওৱাৰ ঘটনাক লৈ উজনি অসমৰ ডিব্ৰুগড় জিলাত (Dibrugarh) সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাটোত গুৰুতৰভাৱে আহত (Girl Injured) হৈছে ১৫ বছৰীয়া কিশোৰীগৰাকী।
বৰ্তমান কিশোৰীজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত (Assam Medical College Hospital) ভৰ্তি কৰোৱা হৈছে। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ গাৰ্ডকোৰ্টাৰত এই ঘটনা সংঘটিত হৈছে। কিশোৰী গৰাকীয়ে পিষ্টলেৰে নিজকে গুলীবিদ্ধ কৰাত মুখমণ্ডলত যথেষ্ট আঘাত পাইছে। আত্মহত্যাৰ চেষ্টা চলাইছিল কিশোৰীগৰাকীয়ে (Girl Committed Suicide)।
আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও কিশোৰীগৰাকীয়ে কিয় নিজেই নিজৰ মুখমণ্ডলত গুলিয়াইছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিশোৰী গৰাকীৰ পিতৃ প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কৰ্তৃত্বপ্ৰাপ্ত অস্ত্ৰৰ ব্যৱসায়ী।
Photo & Input: Khatang Khobor
Discussion about this post