বহু বছৰৰ এটা সপোন পূৰ কৰিলে ধেমাজিৰ (Dhemaji) এইজন যুৱকে। বহু বছৰৰ পৰা জমা কৰি ৰখা টকাৰে অৱশেষত ক্ৰয় কৰিলে এখন বাহন। এখন চাৰিচকীয়া বাহন ক্ৰয় কৰাৰ সপোন পুহি ৰাখিছিল ধেমাজিৰ ৰঞ্জিত চাহুৱে।
এবস্তা, দুবস্তা নহয়, মুঠ দহ বস্তা খুচুৰা পইচা (Coins) লৈ সপোনৰ গাড়ী ক্ৰয় কৰিবলৈ গ’ল এইজন যুৱক। দহ বস্তা এটকীয়া, দুটকীয়া আৰু ৫ টকীয়া মুদ্ৰা হিচাপ কৰি কৰি বাগৰি পৰিছে লখিমপুৰৰ হুণ্ডাই ডিলাৰৰ কৰ্মচাৰী।
ধেমাজিৰ গোগামুখৰ ৰঞ্জিত চাহু নামৰ গেলামালৰ দোকানীজনে বিগত কেবাবছৰ ধৰি গোটাই ৰাখিছিল খুচুৰা পইচাখিনি। সপোন দেখিছিল এই মুদ্ৰাখিনিৰে এখন বিলাসী বাহন ক্ৰয় কৰাৰ। সেয়ে সোমবাৰে লখিমপুৰৰ মেনড’না হুণ্ডাই ডিলাৰত (Lakhimpur Mandona Hyundai Dealer) বন্ধুৰ সৈতে লৈ যায় এই খুচুৰা পইচাৰ বস্তাকেইটা।
১০ বস্তাত আছে মুঠ ৯৫ হাজাৰ টকা। এইখিনি আগধন দি ক্ৰয় কৰিলে গ্ৰেণ্ড i10 বাহন। সপোনৰ বাহনখন ক্ৰয় কৰি আনন্দিত ৰঞ্জিত চাহু নামৰ যুৱকজন (Youth Bought i10 Car With Coins)। পিছে বাকী কাম বাদ দি নিশালৈকে খুচুৰা পইচাৰ হিচাপত ব্যস্ত ডিলাৰখনৰ ১০/১২ জন কৰ্মচাৰী।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post