ঢকুৱাখনাত (Dhakuakhana) সংঘটিত হ’ল এক অদ্ভুত কাণ্ড। ঢকুৱাখানাৰ দীঘলা চাপৰি গাঁৱত এগৰাকী মহিলাই দীৰ্ঘদিনে অনৈতিক কাৰ্য-কলাপ সংঘটিত কৰাৰ অভিযোগ তুলি গাওঁবাসীয়ে ১২ বছৰৰ বাবে গাওঁখনৰ পৰা নিৰ্বাসিত (Boycott) কৰিলে এগৰাকী মহিলাক (Women)। মহিলাগৰাকীয়ে স্বামী কেৰেলাত থকাৰ সুযোগতে গাওঁখনৰ একাংশ পুৰুষৰ সৈতে অনৈতিক কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ তুলি গাওঁখনৰ মহিলা সকলে মহিলাগৰাকীক বাৰ বছৰৰ বাবে গাওঁখনৰ পৰা বহিস্কাৰ কৰে।
আজি লাম-লাকটু সহ মহিলাগৰাকীক গাওঁখনৰ পৰা যাবলৈ দিয়া হয়। গাঁৱৰ মহিলাসকলৰ অভিযোগ যে উক্ত মহিলা গৰাকীৰ কু-কৰ্মই গাওঁখনৰ পৰিৱেশ বিনষ্ট কৰি আহিছিল। গাঁওখনৰ উঠি অহা প্ৰজন্মকো বিপথে পৰিচালিত কৰিব এনেবোৰ ঘটনাই।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/pesident-kovind-presents-padma-awards-at-2021/4313/
Discussion about this post