বিদেশী বিতাৰণৰ উদ্দেশ্য লৈ নিৰ্মাণ হোৱা ডিটেনচন চেণ্টাৰ(Detention Camps) সমূহক বিতাৰণৰ স্বাৰ্থতে “ট্ৰেনজিত কেম্প” হিচাপে পুনৰ নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।
গৃহ আৰু ৰাজনৈতিক বিভাগে ১৭ আগষ্টত প্ৰকাশ কৰা এক জাননী যোগে ডিটেনচন চেণ্টাৰসমূহক ট্ৰেনজিত কেম্প হিচাপে নামাকৰণ কৰা হ’ব বুলি প্ৰকাশ কৰিছিল।
উল্লেখ্য অসমৰ অবৈধ বিদেশী সকলক চিনাক্ত হোৱাৰ পিছত ৰখাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অসম(Assam)ত ডিটেনচন চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল।
২০০৮ চনত অসমৰ গোৱালপাৰা জিলাত প্ৰথমটো ডিটেনচন চেণ্টাৰ নিৰ্মাণ কৰি উলিয়াইছিল সেই সময়ৰ তৰুণ গগৈ নেতৃত্বাধীন অসম চৰকাৰে। বৰ্তমান সময়ত অসমত মুঠ ৬টা ডিটেনচন চেণ্টাৰ আছে।
এই কেন্দ্ৰসমূহ অস্থায়ীভাৱে ডিব্ৰুগড়, যোৰহাট, গোৱালপাৰা, কোকৰাঝাৰ, শিলচৰ আৰু তেজপুৰৰ কেন্দ্রীয় কাৰাগাৰত প্ৰতিষ্ঠা কৰা হৈছিল। আনহাতে গোৱালপাৰা জিলাৰ মাটিয়াত ৪৫০০ বন্দী ৰাখিব পৰা এটা বৃহৎ ডিটেনচন কেন্দ্ৰ নিৰ্মীয়মান অৱস্থাত আছে।
Photo: Google
Discussion about this post