দিল্লীৰ চিগনেচাৰ ব্ৰীজ (Signature Bridge)ৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। যিটো ভিডিঅ’ প্ৰত্যক্ষ কৰি হতচকিত সকলো। ভিডিঅ’টোত প্ৰথমে যুৱতীগৰাকী ৰেলিং পাৰ হৈ কাষলৈ যায় আৰু তাৰ পিছত দলঙৰ পৰা জঁপিয়াই। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা যুৱতীগৰাকীৰ নাম হ’ল হিমাংশী। আত্মহত্যাৰ কৰাৰ দৃশ্য বন্দী হয় CCTV কেমেৰাত।
ফোনত ক’লে মৃত্যুৰ বিষয়ে
জানিবলৈ দিয়া অনুসৰি বুৰাৰী এলেকাৰ বাসিন্দা হিমাংশীয়ে যমুনা নৈত জঁপিয়াই আত্মহত্য়া কৰাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই। ইয়াৰ মাজতে এটা হোৱাটছ চেটো পোহৰলৈ আহিছে, য’ত যুৱতীগৰাকীয়ে কাৰোবাক কৈছে যে, আয়ুষক কৈ দিবা তাই মৰি গ’ল। প্ৰায় আধা ঘণ্টা ধৰি যুৱতীগৰাকী চিগনেচাৰ ব্ৰীজত ফোনত কথা পাতি থকা দেখা গৈছিল আৰু তাৰ পিছত ব্ৰীজৰ পৰা জঁপিয়াই আত্মহত্যা কৰে।
সমগ্ৰ ঘটনা CCTV বন্দী হয়। ক’লা কাপোৰত হিমাংশীক দেখা পোৱা গৈছে। যুৱতীগৰাকীয়ে প্ৰথমে বহু সময় আশ-পাশৰ পৰিৱেশ প্ৰত্যক্ষ কৰে আৰু তাৰ পিছতে ৰেলিঙৰ পৰা নামি নৈত জাঁপ দিয়ে।
হিমাংশীয়ে ছচিয়েল মিডিয়াত ভিডিঅ’ কৰি আপলোড কৰিছিল। যুৱতীগৰাকীয়ে ৩ জন বন্ধুৰ সৈতে মিলি কেফে আৰম্ভ কৰিছিল আৰু যিদিনা কেফেখনৰ আৰম্ভনি হৈছিল, সেই দিনাখনৰ দুপৰীয়াই হিমাংশীয়ে যমুনা নদীত জঁপিয়াই আত্মহত্যা কৰে।
Photo: Google
Discussion about this post