লখিমপুৰত ক্ৰিকেট খেলুৱৈৰ নামত কোটি টকা কেলেংকাৰী। দিল্লীৰ ক্ৰিকেটাৰৰ আত্মহত্যা লখিমপুৰৰ দালালৰ বাবে। অসম ক্ৰিকেট সন্থাৰ নামত কোটি টকা আত্মসাৎ।
লখিমপুৰৰ চৌকত হাচান নামৰ লোকজনে ক্ৰিকেট খেলুৱৈৰ পৰা নিজকে অসম ক্ৰিকেট এছ’ছিয়েচনৰ সক্ৰিয় সদস্য বুলি কৈ ক্ৰিকেট খেলাৰ সুযোগ দিয়াৰ প্ৰলোভন দি বহুত কেইজন প্ৰতিভাৱান খেলুৱৈ পৰা আত্মসাৎ কৰিলে বহু লক্ষাধিক টকা।
এই অভিযোগ দিল্লীৰ এজন খেলুৱৈৰ। দিল্লীৰ মহম্মদ নেচিম আনচাৰী নামৰ প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈজনে কৰিছে এই গুৰতৰ অভিযোগ।
চৌকত হাচান নামৰ লখিমপুৰ চি দি ৰোডৰ লোকজনে দিল্লীৰ এইজন মহম্মদ নেচিম আনচাৰী নামৰ খেলুৱৈজনক অসম ক্ৰিকেট সন্থা আৰু অৰুণাচল ক্ৰিকেট সন্থাৰ হৈ ক্ৰিকেট খেলিবলৈ সুযোগ দিম বুলি দিল্লীৰ অসমলৈ মাতি আনি ২০ লাখ টকা আত্মাসাৎ কৰে তেওঁলোকৰ পৰা।
কিন্তু টকা খিনি দিয়াৰ পিছত তেওঁলোকক নকল নথি পত্ৰ দি অৰুণাচললৈ ক্ৰিকেট খেলিবলৈ পঠিয়াইছিল খেলুৱৈ কেইজনে যেতিয়া অৰুণাচলৈ গৈ সেই নথি পত্ৰ দেখুৱালে সেয়া সম্পূৰ্ণ নকল নথি পত্ৰ বুলি প্ৰমাণ হয় আৰু খেলুৱৈকেইজনক সেই খেলখনৰ পৰা লগে লগে নিষিদ্ধ কৰি দিয়ে।
আনহাতে আন চাৰিগৰাকী ক্ৰিকেটাৰৰ পৰাও বহু লক্ষাধিক টকা লয় ৰাজ্যিক দলৰ হৈ ক্ৰিকেট খেলিবলৈ সুবিধা দিয়া হ’ব বুলি কিন্তু সেই খেলুৱৈ কেইগৰাকীৰ লগতো একেই দশা হয়।
দিল্লীৰ এইজন প্ৰতিভাৱান খেলুৱৈয়ে আজি খাটাং খবৰক জনোৱা মতে দিল্লীৰ তেওঁৰ দুজন সহযোগী ক্ৰিকেটাৰে টকা ঘূৰাই বিচাৰি নোপোৱাত আত্মহত্যা কৰে বুলি জনায় আৰু পুনেৰ দুজন আৰু তেওঁ ইতিমধ্যে লখিমপুৰ জিলাৰ এইজন দালালৰ বিৰুদ্ধে ২০১৯ৰ ২৮ ডিচেম্বৰত লখিমপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজিপৰ্যন্ত ন্যায় পাবলৈ সক্ষম নহ’ল।
দিল্লীৰ এইজন খেলুৱৈয়ে জনোৱা মতে কেৱল অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক দলৰ হৈ ক্ৰিকেট খেলিবলৈ সুবিধা দিয়াৰ নামত দেশৰ বহুতো খেলুৱৈ পৰা এনেদৰে কোটি কোটি টকা আত্মসাৎ কৰি আহিছে বুলি জনায়।
দিল্লীৰ এইজন ক্ৰিকেটাৰৰ মন্তব্যই জোকাৰিছে ক্ৰিকেট জগতৰ বহুতো গোপন অধ্যায়।
Photo & Input: ভৱেন ফুকন
Discussion about this post