নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হাস্পতালত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ কাণ্ড । ক’ভিড হাস্পতালখনত চিকিৎসাধীন অৱস্থাৰ পৰা আজি পুৱাই সন্ধানহীন হ’ল এগৰাকী ক’ভিড পজিটিভ বৃদ্ধা মহিলা।
জানিব পৰা অনুসৰি, নগাঁও জিলাৰ কামপুৰ অঞ্চলৰ সৰুমাই বৰা নামৰ বৃদ্ধা মহিলাগৰাকী ক’ভিড আক্ৰান্ত হৈ ১৪ জুলাইৰ পৰা নগাঁৱৰ ক’ভিড কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।
বৃদ্ধাগৰাকীয়ে আজি পুৱা ৪ বজালৈকে আত্মীয়ৰ লগত ফোন যোগে কথা-বতৰা পাতি আছিল। তাৰ পাছতে হাস্পতালখনৰ চিকিৎসা কক্ষৰ পৰা সন্ধানহীন হয় বৃদ্ধা গৰাকী।
সম্প্ৰতি পৰিয়ালৰ লোকে নগাঁও চহৰৰ বিভিন্ন ঠাইত বৃদ্ধাগৰাকীক বিচাৰি হাহাকাৰ কৰিছে যদিও বাতৰি লিখা সময়লৈকে বৃদ্ধাগৰাকীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আত্মীয়ই।
এতিয়া কথাটো হ’ল যে- ক’ভিড চিকিৎসালয়খনৰ প্ৰৱেশদ্বাৰত নিৰাপত্তাৰক্ষীৰ পহৰা থকাৰ পিছতো কেনেদৰে ক’ভিড পজিটিভ এগৰাকী বৃদ্ধা বাহিৰলৈ ওলাই যাব পাৰে সেয়া ৰহস্যৰ আৱৰ্তত।
আনহাতে হাস্পতাল কৰ্তৃপক্ষই বৃদ্ধাগৰাকী সন্ধানহীন হোৱা সন্দৰ্ভত নগাঁও আৰক্ষীক অৱগত কৰিছে বুলি খাটাং খবৰ সাংবাদিকক জানিবলৈ দিয়ে।
Photo: ৱাহিদুদ জামান
Discussion about this post