ক’ৰোনাক লৈ ৰাজ্যৰ স্বাস্থ্য বিভাগত আচলতে কি চলিছে ? কোন দিশে গতি কৰিছে ক’ভিডৰ নামত অব্যাহত থকা ৰাজ্যৰ চিকিৎসা ব্যৱস্থা? সম্প্ৰতি ৰাজ্যৰ স্বাস্থ্য বিভাগত এনে এক ভয়ানক কাণ্ড সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে আৰু যি ঘটনাই ইতিমধ্যে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
উল্লেখ্য নগাঁৱৰ ধিঙৰ ভকতগাঁৱৰ ৰাতুল শইকীয়া (৩০) নামৰ এজন যুৱকে বিগত ২৯ জুনত ধিং এফ আৰ ইউত ক’ভিড পৰীক্ষা কৰোৱাত যুৱকজনৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছিল। ক’ভিড পজিটিভ ধৰা পৰাৰ পিছতেই যুৱকজনক ধিঙৰ এখন ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হৈছিল যদিও পৰৱৰ্তী ৩০ জুনত যুৱকজনক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল চিকিৎসকে।
কিন্তু যুৱকজনৰ স্বাস্থ্যৰ অৱনতি হোৱাত ৩০ জুনতে চিকিৎসকে পুনৰ নগাঁৱৰ পৰা গুৱাহাটী GMCHৰ ছুপাৰ ইস্পেচিয়েলেটি ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাই আৰু তাতেই ক’ভিডৰ চিকিৎসা আৰম্ভ হয়।
জি এম চি এইচৰ চিকিৎসকৰ সৈতে দৈনিক কেইবাবাৰো ৰাতুল শইকীয়াৰ পৰিয়ালে যোগাযোগ কৰি ৰাতুলৰ স্বাস্থ্যৰ খবৰ লৈছিল আৰু চিকিৎসকেও ৰাতুল সুস্থ বুলি জনাইছিল। কিন্তু হঠাৎ ২ জুলাই পুৱা জি এম চি এইচৰ পৰা ৰাতুলৰ পৰিয়াললৈ এটা ফোনকল আহিল আৰু ক’ভিড আক্ৰান্ত ৰাতুল শইকীয়াৰ মৃত্যু হোৱা বুলি জনায়।
খবৰ পোৱা মাত্ৰকেই পৰিয়ালৰ লোক আৰু আত্মীয় গুৱাহাটী জি এম চি এইচত উপস্থিত হয় যদিও প্ৰথম অৱস্থাত পৰিয়ালৰ কোনো আত্মীয়ক ৰাতুলক সাক্ষাৎ কৰিব দিয়া হোৱা নাছিল। চিকিৎসালয় কৰ্তৃপক্ষই মৃত ৰাতুল শইকীয়াৰ মৃতদেহ পৰিয়ালক চমজাই নিদি মৃতদেহটো গুৱাহাটীতে চৰকাৰীভাৱে সৎকাৰৰ ব্যবস্থা কৰে।
শ্মশানত মৃত শইকীয়াৰ পত্নী,পৰিয়াল আৰু আত্মীয়ই বহু অনুৰোধ কৰাৰ পিছত মৃতদেহটো চাবলৈ দিয়া হয়। কিন্তু ৰাতুলৰ মৃতদেহটো প্ৰত্যক্ষ কৰিয়েই হতভম্ব হৈ পৰে পৰিয়াল-আত্মীয় সকলো। কাৰণ ক’ভিড আক্ৰান্ত ৰাতুল শইকীয়াৰ মৃতদেহটোৰ চকুৰ পৰা আৰম্ভ কৰি তলপেটলৈকে শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ চিন ষ্পষ্ট ৰূপে দেখা পাইছিল পৰিয়ালৰ লোকে।
এই দৃশ্য দেখা পোৱাৰ পিছত পৰিয়ালৰ লোকে মৃতদেহৰ কেইবাখনো ফটো উঠাই ৰাখে। মৃতদেহটোৰ পৰা এটা চকু, কিডনী আৰু শৰীৰৰ কেইবাটাও অংগ কাটি নিয়াৰ গুৰুতৰ অভিযোগ উখাপন কৰিছে পৰিয়ালৰ লোকে। GMCHতে এই ভয়ানক কাণ্ডটো সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উখাপন কৰিছে পৰিয়ালৰ লোকে।
যাৰ বাবেই জি এম চি এইচ কৰ্তৃপক্ষই শইকীয়াৰ মৃতদেহটো চমজাই নিদি সৎকাৰ কৰিছিল গুৱাহাটীত। ৰাতুল শইকীয়াৰ কোনো ধৰণৰ দুৰ্ঘটনা কিম্বা অন্য কোনো ধৰণৰ ৰোগ নথকা স্বত্বেও চকু আৰু তলপেট কটা ঘটনাই হতভম্ব কৰি তুলিছে সকলোকে। এই ঘটনা সন্দৰ্ভত ইতিমধ্যে মৃত ৰাতুলৰ পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক তদন্ত ক্ৰমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ধিঙৰ যুৱকজনৰ ক্ষেত্ৰত সংঘটিত হোৱা এই ঘটনাই সমগ্র ৰাজ্যজুৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post