শিৱসাগৰৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ অভাৱত ছটফটাই মৃত্যু হ’ল ক’ভিড ৰোগীৰ। বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি নেকি শিৱসাগৰ অসামৰিক চিকিৎসালয়?
শনিবাবে হাঁহচৰাৰ লেবাং গাঁৱৰ দিলীপ গগৈ নামৰ লোকজন ক’ভিড টেষ্ট কৰিবলৈ আহিছিল শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ।
তেওঁৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত দিনৰ প্ৰায় ১১.৩০ বজাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ক’ভিড কক্ষত ভৰ্তি কৰায়।
পেটৰ বিষত ছটফটাই থকা দিলীপ গগৈৰ পত্নীয়ে বাৰম্বাৰ কৰ্তব্যত থকা নাৰ্ছক অনুৰোধ কৰিছিল স্বামীক চিকিৎসকে এবাৰ চাবলৈ। কিন্তু নাৰ্ছে কেৱল মাত্ৰ কেইটামান টেবলেট দি স্থানৰ পৰা আঁতৰি দায়িত্ব সামৰে।
পেটৰ বিষত ছটফটাই থকা দিলীপ গগৈৰ অৱশেষত বিয়লি ৪.৩০ বজাত মৃত্যু হয়। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কিছুদিন পূৰ্বে শিৱসাগৰ অসামৰিৰ চিকিৎসালয়ৰ নতুন ৰূপ দেখি সন্তুষ্টি লাভ কৰিছিল বিধায়ক অখিল গগৈয়ে। কিন্তু সেই একেখন চিকিৎসালয়ত চিকিৎসাৰ অভাৱত এদিনতে মৃত্যু হয় ক’ভিড ৰোগীৰ ।
ইপিনে তাত ভৰ্তি হৈ থকা ক’ভিড ৰোগীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে ভয়ংকৰ তথ্য। কেইবাদিনো কৰা নহয় ক’ভিড ৱাৰ্ড সমূহ চাফ-চিকুন। যাৰ বাবে ৰোগীসকলে চাফাই কৰ্মীসকলক টকা দি কৰাব লাগে ৱাৰ্ডসমূহ চাফ-চিকুন। বাহিৰৰ পৰা কিবা বস্তু আনিবলৈ দিলেও ক’ভিড ৱাৰ্ডত নিয়োজিত কৰ্মীক টকা দিব লাগে বুলি মন্তব্য কৰে ক’ভিড ৰোগীয়ে।
Photo & Input: ফৰিদ আলী
Discussion about this post