বিশ্বকৰ্মা পূজাৰ দিনাই গোলাঘাটত সংঘটিত হয় এক অঘটন। হঠাতে ভাঙি পৰিল আদালতৰ চিলিং। দুৰ্ঘটনাটোত আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
আদালতৰ চিলিং ভাঙি ৩ গৰাকী কৰ্মচাৰী আহত। গোলাঘাটৰ গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ৰ ওপৰত থকা ২নং ন্যায়াধিকৰ্তা আৰু প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হঠাৎ চিলিং ভাঙি পৰে।
চিলিং ভাঙি পৰাত আদালতৰ ৩গৰাকী কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। আহত অনুপল শৰ্মা, লুইত কাকতি আৰু জয়ন্ত লইং।
Photo: Khatang Khobor





























Discussion about this post