আৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈঠক অনুষ্ঠিত কৰে। ৰাজ্যখনত চলি থকা ড্ৰাগছ বিৰোধী অভিযান, ধৰ্ষণ-হত্যাৰ ঘটনা বৃদ্ধি আদি বিষয় সন্দৰ্ভতো বৈঠকত পৰ্যালোচনা।
বৈঠকত ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ লগতে ক’ভিড পৰিস্থিতিক লৈ গ্ৰহণ কৰিবলগীয়া ভূমিকাৰ বিষয়েও আলোচনা কৰা হয়।
আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰপ্ৰাপ্ত বিষয়াসকলক কেইবাটাও নিৰ্দেশনা প্ৰদান কৰে।
নিৰ্দেশনাসমূহ ক্ৰমে-
১. দুবছৰৰ মূৰে মূৰে ভাৰপ্ৰাপ্ত বিষয়াসকলক বদলি কৰা হ’ব।
২. এই বদলিকৰণত মুখ্যমন্ত্ৰীৰ কোনো নিয়ন্ত্ৰণ নাথাকিব।
৩. য’ত আৰক্ষী থাকিব তাত কোনো অপৰাধ নাথাকিব।
৪. গাড়ী ধৰি দুয়োটা পাৰ্টি মিলি তয়ো খা ময়ো খা এইবোৰ নচলিব।
৫. সোণ আহিছে, সোণখিনি দুভাগ কৰা ভাৰপ্ৰাপ্ত বিষয়াৰ কাম নহয় ৷
৬. মাল খানাত কি কি আছে সকলো ৰেজিষ্টাৰ হ’ব লাগিব। আধা খাই দিলে নহ’ব ৷
৭. জুৱা খেল আৰক্ষীৰ অনুমতি অবিহনে নচলে।
৮. ধৰ্ষণ গোচৰৰ চাৰ্জচীট শীঘ্ৰে দাখিল কৰিব লাগিব।
৯. আৰক্ষীয়ে উংকোচ লোৱা বন্ধ কৰিব লাগিব।
১০. ৰাজ্যত গৰু চোৰাং বেহা বন্ধ কৰাৰ নিৰ্দেশনা।
১১. গৰু চোৰ দেখিলেই খেদি খেদি পিটন দিবলৈ নিৰ্দেশ।
Photo: Twitter
Discussion about this post