নগাঁও এছ পিৰ (Ngaoan SP Transfer) বদলি সম্পৰ্কতো স্পষ্ট মত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)– ‘আৰক্ষীয়ে আৰক্ষীৰ ঠাইত থাকিব লাগে। সাধাৰণ মানুহে গালি পাৰিলেও শুনিব লাগে। গালি শুনিলেও এটা ষ্টাৰ কমি নাযায় বা ইউনিফৰ্মত দাগ নালাগে। অপৰাধীৰ বাবেহে কঠোৰ হ’ব নালাগে, সাধাৰণ ৰাইজৰ বাবে নহয়।
তদন্তৰ প্ৰতিবেদনক হেও প্ৰতিপন্ন কৰিব বিচৰাটো বেয়া কথা সেয়েহে বদলি কৰা হৈছে। উল্লেখ্য যে, বুধবাৰে সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্রক জৰুৰীকালীনভাবে বদলিৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে বৃহস্পতিবাৰে এক আবেগিক মুহূৰ্তৰ মাজেৰে নগাঁও এৰি গুৱাহাটীমুখী হয় আনন্দ মিশ্ৰ (Ananda Mishra)।
ইফালে আৰক্ষী অধীক্ষকগৰাকীৰ বদলি সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে কীৰ্তিকমল বৰাৰ ঘটনাৰ লগত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ (Ananda Mishra) কোনো সম্পৰ্ক নাই। তদন্ত কমিটিয়ে তেওঁৰ ওপৰত কোনো প্ৰতিবেদনো দিয়া নাই। কিন্তু তাৰ পিছতো সংবাদ মেল সম্বোধন কৰি বা আন সাংবাদিকৰ আগত তদন্ত সমিতিৰ প্ৰতিবেদনক যদি কোনোবাই হেয় কৰিব বিচাৰে তেন্তে সেয়া মানি লোৱা নহ’ব।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আৰক্ষী নিৰীহ লোকৰ লগত থাকিব লাগিব আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হব লাগিব। কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওঁতে যদি সাধাৰণ নাগৰিকৰ ওপৰতো কঠোৰ হৈ পৰা যায়, তেন্তে আৰক্ষীৰ গোটেই উদ্দেশ্যটোৰে পৰাজয় হ’ব।
নিৰীহ লোকৰ ওপৰত কোনো ধৰণৰ আক্ৰমণাত্মক ভূমিকা গ্ৰহণ নকৰিবলৈও অসম আৰক্ষীক (Assam Police) আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma)। তেওঁ কয়, “নিৰীহ লোকে দিয়া দুটা গালি লাগিলে শুনি লওক, কিন্তু একো নকৰিব। নিৰীহ লোকে গালি দিলে আৰক্ষীৰ পোছাকত দাগ নালাগে। কিন্তু অপৰাধীৰ বিৰুদ্ধে ইমান কঠোৰ হওক যাতে সাধাৰণ নাগৰিকে নিৰাপদ অনুভৱ কৰে।”
Photo: Wahidud Jaman
Discussion about this post