‘এইবাৰ ৰিজাল্টে একো ৰিফ্লেক্ট নকৰে। ল’ৰা-ছোৱালীবোৰে পাছ কৰিছে। মই এটাই কম যে, মেট্ৰিকত পাছ কৰিছে, পৰীক্ষা হোৱা নাই।
হায়াৰ ছেকেণ্ডাৰীৰ বছৰ দুটা যাতে ভালকৈ পঢ়ে। এই ৰিজাল্টৰ বিশেষ একো ভেল্য়ু নাই।’- হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ফলাফলক লৈ এই মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
‘ভেল্য়ু মানে চৰকাৰী ভেল্য়ু আছে কিন্তু আত্মাৰ ফালৰ পৰাটো সেই ভেল্যু নাই। কোনোবাই যদি পাব লাগিছিল ১০০ কিন্তু পালে ৭০ আৰু কোনোবাই যদি পাব লাগিছিল ৭০ কিন্তু পালে ১০০। গতিকে এই ৰিজাল্টটোক লৈ আত্মসন্তুষ্টি নলয়, বা দুখ নকৰি বা সুখ নকৰি। দুখ আৰু সুখৰ পৰা আঁতৰি যাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয়টো বৰ্ষ ভালদৰে পঢ়ে তাৰবাবে মই ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনাইছো।’- এই বুলি ছাত্ৰ-ছাত্ৰীসকললৈ অনুৰোধ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য শুকুৰবাৰে দিনৰ ১১ বজাত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছাৰ ফলাফল। Covidৰ বাবে পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে এইবাৰ বিকল্প পদ্ধতিৰে মূল্যায়ন পদ্ধতিৰ জৰিয়তে ফলাফল ঘোষণা কৰিলে ছেবাই। ৰাজ্যত এইবাৰ মেট্ৰিক উত্তীৰ্ণৰ হাৰ অভিলেখ সংখ্যক ৯৩.১০ শতাংশ।
Photo: Khatang Khobor
Discussion about this post