আজৱ দেশৰ গজৱ কাণ্ড। টংলা পৌৰসভাৰ বিবেকহীন কাণ্ড। ক’ৰোনা বিয়পোৱাৰ ভয়ত একো কথা চিন্তা নকৰাকৈয়ে বগলীয়ে বাহ সজা বহু গছ কাটি পেলালে। যাৰ ফলত বগলী পোৱালিৰ বাঁহসমূহ ভাঙি পৰে আৰু চকু নুফুটা বগলী পোৱালিৰ অথন্তৰ ঘটে।
গছসমূহ কাটি পেলোৱাৰ পিছত পোৱালিবোৰ মাটিত পৰি চিঞৰি থকা ভিডিঅ’ এতিয়া টুইটাৰত ভাইৰেল হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰযোগে এই ভিডিঅ’ শ্বেয়াৰ কৰি বিষয়টোত তদন্তৰ নিৰ্দেশ প্ৰদান কৰে। বগলী পোৱালিকেইটাক কাজিৰঙালৈ প্ৰেৰণৰ নিৰ্দেশো প্ৰদান কৰে। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টো অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
Pl enquire the matter @ParimalSuklaba1 https://t.co/AC2kQY2cZ9
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 25, 2021
ইফালে টংলা পৌৰসভাৰ এনে কাণ্ডক একে মুখে গৰিহণা দিছে বিভিন্ন দল-সংগঠনে।
Photo: Khatang Khobor
Discussion about this post