চৰকাৰী কাৰ্যালয়সমূহত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে (Fight Against Corruption) অব্যাহত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ অভিযান (Directorate Of Vigilance & Anti-Corruption)। লগতে ৰাজ্যত এতিয়া চাৰিওফালে চলিছে ঘোচ (Bribe) লোৱাৰ অঘোষিত প্ৰতিযোগিতা।
ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে যদিও একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে লিপ্ত হৈ আহিছে দুৰ্নীতিৰ সৈতে। প্ৰায় প্ৰতিদিনে ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছে চৰকাৰী কৰ্মচাৰী।
We don’t spare even our @assampolice personnel. Today, @DIR_VAC_ASSAM trapped & arrested red handed, Sri Sabin Pal Das, ASI of Matiya Police Station of @goalparapolice within police station Complex while accepting bribe money. Lawful action being taken. pic.twitter.com/f73kBoqMrm
— GP Singh (@gpsinghips) August 7, 2022
এইবাৰ ঘোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছে উপ-পৰিদৰ্শক চবিন পল দাস (ASI Sri Sabin Pal Das)। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ (Directorate Of Vigilance & Anti-Corruption) জালত পৰিছে আৰক্ষী বিষয়াগৰাকী। গোৱালপাৰাৰ (Goalpara Police) মাটিয়া আৰক্ষী (Matiya Police Station) থানাত কৰ্মৰত আছিল চবিন পল দাস। থানাৰ ভিতৰতে ঘোচ (Bribe Case) লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ জালত পৰে ঘোচখোৰ আৰক্ষী বিষয়া গৰাকী।
Photo: Khatang Khobor
Published BY: Dulu Medhi
Discussion about this post