পুনৰ শৰাইঘাট দলঙত সংঘটিত হয় এক অঘটন। সোমবাৰে নিশা শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে এজন যুৱকে। আত্মহত্যাৰ চেষ্টা চলোৱা যুৱকজনৰ নাম হ’ল মৃগেন দাস। বৰপেটাৰ বাসিন্দা মৃগেন।
যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়াৰ পিছতে সেনা বাহিনীৰ জোৱানে যুৱকজনক ব্ৰহ্মপুত্ৰৰ পানীত উটি গৈ থকা প্ৰত্যক্ষ কৰে। সেনা বাহিনীয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই যুৱকজনক উদ্ধাৰ কৰে আৰু আমিনগাঁও আৰক্ষীক গতাই দিয়ে।
পাৰিবাৰিক কন্দলৰ বাবেই যুৱকজনে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।
Photo: Google





























Discussion about this post