বিশ্বনাথত (Biswanath) এক কৰুণ ঘটনা সংঘটিত হয়। এগৰাকী টেট শিক্ষয়িত্ৰীয়ে (Tet Teacher) বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা (Suicide) কৰে। এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
টেট শিক্ষয়িত্ৰীগৰাকীয়ে দেওবাৰে পুৱা স্কুটিত তেল ভৰাম বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু পেট্ৰ’ল পাম্পৰ পৰিৱৰ্তে উপস্থিত হয় বিশ্বনাথ ঘাটত। বিশ্বনাথ ঘাটত স্কুটি ৰাখি ব্ৰহ্মপুত্ৰ নদীত জপিয়াই মহিলা গৰাকীয়ে। আত্মহত্যাৰ (Suicide) দৰে চৰম পথ বাচি লোৱা শিক্ষয়িত্ৰীগৰাকীৰ নাম প্ৰিয়ংকা গগৈ।
প্ৰিয়ংকা গগৈ উত্তৰ চতিয়া হাইস্কুলৰ শিক্ষয়িত্ৰী (Tet Teacher) আছিল। শিক্ষয়িত্ৰীগৰাকীক স্থানীয় ৰাইজে নাৱৰ জৰিয়তে মৃত অৱস্থাত উদ্ধাৰ কৰে।
মহিলা গৰাকীৰ স্বামীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল পত্নী। পূৰ্বেও আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল প্ৰিয়ংকাই। কিন্তু বৰ্তমানলৈ জানিব পৰা হোৱা নাই আত্মহত্যাৰ প্ৰকৃত কাৰণ।
Photo: Khatang Khobor




























Discussion about this post