ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলত সংঘটিত হৈছে এক অঘটন। বিদ্যালয়ৰ ভিতৰতে শিক্ষকে ফেনত চিপ লৈ কৰিলে আত্মহত্যা। বিদ্যালয়খনৰ পৰীক্ষা গৃহৰ ভিতৰত আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় শিক্ষক নৱ ডেকাই (৩০)।
শনিবাৰে বেজেৰাৰ নৱ ডেকাই বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰি পৰীক্ষাগৃহৰ ভিতৰত সোমাই এই কাৰ্য সংঘটিত কৰে। পৰীক্ষা গৃহৰ দুৱাৰ বন্ধ কৰি গণিত আৰু কম্পিউটাৰ বিষয়ৰ শিক্ষক নৱ ডেকাই আত্মহত্যা কৰে। ঘটনাটোৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
বৰ্তমানলৈকে আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও একাংশৰ সন্দেহ আৰ্থিক সংকটত ভুগি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লৈছে নৱ ডেকাই।
Photo & Input: চফিকুল আহমেদ
Discussion about this post