আয়তকৈ অধিক সম্পত্তি আহৰণৰ অভিযোগত গ্ৰেপ্তাৰ অসম চৰকাৰৰ উপ-সচিব ছাইবৰ ৰহমান(Saibar Rahman)। মঙলবাৰে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা (Chief Ministers Special Vigilance Cell)ৰ এটা দলে গ্ৰেপ্তাৰ কৰে ছাইবৰক।
ACS বিষয়া ছাইবৰ ৰহমানৰ বিৰুদ্ধে ১০০ কোটিৰো অধিক অসামঞ্জস্যপূৰ্ণ সম্পত্তি আহৰণৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য ২০০২ চনৰ ২৩ জুনৰ পৰা ২০২১ৰ ৩০ এপ্ৰিললৈ মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত চলাইছিল ছাইবৰ ৰহমানৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ বিৰুদ্ধে ।
অভিযান কালত এই তথ্য সংগ্ৰহ হৈছিল যে, ইয়াৰ লগতে ৰাজ্যৰ মুঠ ৮৯টা স্থানত ভূমি পঞ্জীয়ন আছে তেওঁৰ বা দুগৰাকী পত্নীৰ নামত। এই ভূমিৰ মূল্য ১০০ কোটিতকৈও অধিক হ’ব বুলি জানিব পৰা গৈছে।
অভিযানত এই কথা পোহৰলৈ আহিছে যে, ACS ছাইবৰ ৰহমান ৬ কোটি ৩৮ লাখ ১২ হাজাৰ ১৮৮ টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী। এই তদন্তত পোহৰলৈ আহিছিল যে ৰহমানে নিজৰ আয়তকৈ ৯৫ শতাংশ অধিক সম্পত্তি গঢ়ি তুলিছিল।
তেওঁৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ (সংশোধনী) আইন ২০১৮ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। আজি দুপৰীয়া ২ বজাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ছাইবৰ ৰহমানক ইতিমধ্যে ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
Photo : Khatang Khobor
Discussion about this post