কলগাছিয়াৰ (Kalgachia) খৰিচালাত দশম মান শ্ৰেণীৰ ছাত্ৰ চিপ লৈ আত্মহত্যা কৰা এক ঘটনা সংঘটিত হৈছে (Boy Suicide For Mobile Game Free Fire)। মোবাইলত অতিমাত্ৰা FREE FIRE গেম খেলি থকাত পৰিয়ালৰ লোকে বাধা দিয়াৰ বাবে এই পথ বাছি লোৱা বুলি সন্দেহ পৰিয়ালৰ।
বৰপেটা জিলাৰ (Barpeta District) সৰভোগ আৰক্ষী থানাৰ (Sorbhog Police) অন্তৰ্গত খৰিচালা গাঁৱত দশমমান শ্ৰেণীৰ ছাত্ৰ ছানিদুল ইছলামৰ চিপ লৈ আত্মহত্যা (Suicide Case)। ছানিদুল ইছলামে দিনে-নিশাই সদায় মোবাইলত FREE FIRE গেম খেলি থকা দেখা পাই আছিল পৰিয়ালৰ লোকে। নিশা ৩/৪ বজালৈ গেম খেলি থকা কাৰণে ঘৰৰ লোকে বাধা দিয়ে যদিও গুৰুত্ব নিদিয়ে ছানিদুলে।
বুধবাৰে ৰাতিপুৱা ছানিদুলক ঘৰৰ বাৰীৰ পাছফালে থকা গছত চিপ লৈ ওলমি থকা দেখা পাই ঘৰৰ লোকে। গেম খেলি থকাত বাধা দিয়াৰ বাবে এই পথ বাচি লোৱা বুলি সন্দেহ কৰে পৰিয়ালৰ লোকে। ছানিদুল ইছলামৰ মৃত্যুত অঞ্চলজুৰি শোঁকৰ ছা বিৰাজ কৰাৰ লগতে জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আৰু যাতে কোনোৱে এইধৰণৰ পথ বাচি নলয় তাৰ বাবে আহ্বান জনায় একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে।
Photo & Input: জেহেৰুল ইছলাম
Discussion about this post