বিশ্বনাথৰ (Biswanath) কোঁছগাৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ দুৰ্ঘটনা (Tragic Accident) সংঘটিত হয়। ট্ৰাকৰ চকাৰ তলত সোমাই থিতাতে নিহত (Death) এজন যুৱক। স্থানীয় প্ৰত্যক্ষ দৰ্শীৰ মতে যুৱকজনে বহু সময় ধৰি আত্মহত্যাৰ (Suicide) চেষ্টা কৰি আছিল।
যুৱকজনে প্ৰথমে বিশ্বনাথৰ আউট এজেঞ্চীৰ সমীপত এখন মটৰ চাইকেলৰ সন্মূখত আহি আত্মহত্যাৰ (Suicide) চেষ্টা কৰিছিল। তাৰ পিছতে এখন চলন্ত বলেৰ’ গাড়ীৰ সন্মূখত জাঁপ দিয়াৰ চেষ্টা চলাইছিল যদিও কোনো প্ৰকাৰে বলেৰ’ গাড়ীখনৰ চালকে গাড়ীৰ ব্ৰেক মাৰি যুৱকজনক বচাবলৈ সক্ষম হ’ল।
স্থানীয় লোকে যুৱকজনৰ এই কাণ্ড প্ৰত্যক্ষ কৰি মৃত যুৱকজনক সেই স্থানৰ পৰা খেদি পঠিয়াই। তাৰ পিছতে বিশ্বনাথৰ কোঁছগাৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰৈ যুৱকজনে এটা প্ৰকাণ্ড ইটা লৈ নিজৰ মুৰত খুন্দিয়াই আছিল।
তাৰ পিছতে হঠাৎ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰে আহি থকা এখন ট্ৰাকৰ পিছ চকাত নিজৰ মূৰ সোমোয়াই দিয়াৰ ফলত যুৱক জন থিতাতে নিহত হয়। স্থানীয় লোকৰ মতে মৃত যুৱকজন মানসিক বিকাৰগ্ৰস্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে মৃত যুৱকজন এতিয়াও চিনাক্ত হোৱা নাই। ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে (Biswanath Police) ঘটনাস্থলীত উপস্থিত হৈ মৃত যুৱকজনৰ মৃতদেহ আৰক্ষী থানাত লৈ যোৱাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনো জব্দ কৰে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই দুৰ্ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য।
Photo & Input: পলাশ প্ৰিয়ম
Discussion about this post