বিলাসীপাৰাৰ বন্দিহানাত এগৰাকী কিশোৰী ধৰ্ষণকাৰীসহ দুই ভুৱা গোচৰীয়াক গ্ৰেপ্তাৰ। এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ছাইজুদ্দিন নামৰ ২২বছৰীয়া যুৱক। ধৰ্ষণকাৰীক গোপন কৰি ৰাখি ভুৱা অপহৰণ হত্যাৰ গোচৰ তৰাৰ অপৰাধত গ্ৰেপ্তাৰ হ’বলগীয়া হয় ছাইদুল ইছলাম আৰু সহৰ আলী নামৰ আন দুই লোক।
এই জঘন্য ঘটনা সংঘটিত হয় বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত পদ্মেৰ আলগা ১ম খণ্ড গাঁৱত। কেইদিনমান পূৰ্বে গাঁওখনৰ অতি দৰিদ্ৰ কৃষক ছুৰুত জামালৰ ১৫ বছৰীয়া কিশোৰী তথা স্কুলীয়া ছাত্ৰীক একে গাঁৱৰে ছাইজুদ্দিনে ধৰ্ষণ কৰিছিল। গাঁৱৰ ৰাইজে ধৰ্ষণকাৰীৰ বিৰুদ্ধে জনাইছিল তীব্ৰ প্ৰতিবাদ।
কিশোৰীগৰাকীৰ পৰিয়ালে ন্যায় বিচাৰি কাষ চাপিছিল বন্দিহানা আৰক্ষীৰ। গাঁওখনত অনুষ্ঠিত হৈছিল ৰাইজমেল । কিন্তু ন্যায় দূৰৰ কথা এচাম দেয়ানী মাতব্বৰৰ পাকচক্ৰত ধৰ্ষণৰ ঘটনাক গাম দিবলৈ ধৰ্ষণকাৰী যুৱকজনক আত্মগোপন কৰি ৰাখি অপহৰণ হত্যাৰ গোচৰ তৰে যুৱকজনৰ পৰিয়ালে। তাৰ পিছতে আৰম্ভ হয় এচাম তথাকথিত দেয়ানী মাতব্বৰৰ বুদ্ধিৰ খেল। ক্ষুদ্ধ হৈ পৰে গাঁওবাসী।
পিছে আৰক্ষীৰ চকুত ধুলি দিয়া সহজ নহয়। বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই বিনোদ কুমাৰ দাসৰ তৎপৰতাত ভুৱা গোচৰকাৰী ছাইদুল ইছলাম আৰু সহৰ আলীক গ্ৰেপ্তাৰৰ পিছত ওলাই পৰে জোলোঙাৰ মেকুৰী।
আৰক্ষীয়ে ধৰ্ষণকাৰী ছাইজুদ্দিন নামৰ কুলাংগাৰ জনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে তিনিও অপৰাধীক আদালতলৈ চালান দিয়াত তিনিও এতিয়া হৈ পৰিছে ৰঙাঘৰৰ আলহী।
Photo & Input: তাৰিফুল ইছলাম আৰু সামিম জাকাৰিয়া
Discussion about this post