বিহাৰত এটা মুছলমান পৰিয়ালে মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিলে ২.৫ কোটি মূল্যৰ বৃহৎ ভূমি। সম্প্ৰীতিৰ এই নিদৰ্শন দেখা গৈছে বিহাৰৰ (Bihar) চামপৰণ জিলাৰ কাইথাৱালিয়া জিলাত। অঞ্চলটোত এটা বৃহৎ আকাৰৰ ৰামায়ণ মন্দিৰ (Virat Ramayan Mandir) নিৰ্মাণৰ বাবে ২.৫ কোটি মূল্যৰ ২৩ কথা ভূমি ইছতিয়াক আহমেদ খান (Ishtiaq Ahmed Khan) নামৰ লোকগৰাকীৰ পৰিয়ালে দান কৰিছে। মুছলমান সম্প্ৰদায়ৰ (Muslim family) ব্যৱসায়ীজন হৈছে গুৱাহাটীৰ।
উল্লেখ্য যে, বিহাৰৰ (Bihar) কাইথাৱালিয়াত (Kaithawalia) নিৰ্মাণ কৰা হ’ব বিশ্বৰ আটাইতকৈ বৃহৎ মন্দিৰটো। ১২৫ একৰ ভূমিত নিৰ্মাণ হ’বলগীয়া এই মন্দিৰটোৰ উচ্চতা, দৈৰ্ঘ্য, বহল হ’ব ক্ৰমে ২৭০, ১০৮০ আৰু ৫৪০ ফুট।
বৰ্তমান পৰিয়ালৰ সৈতে বিহাৰত (Bihar) বসবাস কৰা ইছতিয়াক আহমেদ খানে (Ishtiaq Ahmed Khan) হিন্দু মন্দিৰৰ (Hindu Temple) বাবে ভূমি দান (Donates Land) কৰি নিজকে গৰ্বিত অনুভৱ কৰিছে বুলি প্ৰকাশ কৰে। উল্লেখ্য যে মন্দিৰ নিৰ্মাণৰ বাবে কৰ্তৃপক্ষক প্ৰয়োজন ১২৫ একৰ ভূমিৰ। কিন্তু এতিয়ালৈকে মন্দিৰ কৰ্তৃপক্ষই লাভ কৰিছে ১০০ একৰ ভূমি।
জানিব পৰা মতে, যোৱা বুধবাৰে, ইছতিয়াক আহমেদ খানে (Ishtiaq Ahmed Khan) মন্দিৰ নিৰ্মাণৰ বাবে ২৩ কঠাৰ এটা প্লট মন্দিৰ কৰ্তৃপক্ষক দান কৰে। ইয়াৰ মূল্য প্ৰায় ২.৫ কোটি টকা বুলি কোৱা হয়।
মন্দিৰৰ বাবে বিনামূলীয়াকৈ মাটি দিয়া ইছতিয়াক আহমেদ খানে (Ishtiaq Ahmed Khan) কয়, ‘মৰমৰে থাকক হিন্দু-মুছলমান। ইয়াৰ বাবে যুঁজ নিদিব’। পাটনা মহাবীৰ মন্দিৰ ট্ৰাষ্টৰ সম্পাদক আচাৰ্য কিশোৰ কুনালে কয় যে যদি ইছতিয়াকৰ পৰিয়ালে মাটি দান নকৰিলেহেঁতেন, মন্দিৰ নিৰ্মাণৰ চিন্তা-চৰ্চা কৰাটো সম্ভৱপৰ হৈ নুঠিলহেঁতেন।
উল্লেখ্য যে আহমেদাবাদৰ আৰ্কিটেক পীয়ুষ সোমপুৰা আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰ নৱৰত্ন ৰঘুবংশীৰ সহায়ত মন্দিৰ নিৰ্মাণৰ নক্সা তৈয়াৰ কৰা হৈছে। মন্দিৰটো ২০২৭ চনৰ ভিতৰত নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে।
Photo: Google
Discussion about this post