ভূৰাগাঁৱৰ শিশু ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠালৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত পাঠা ওৰফে ছৈয়দ আলী। আৰক্ষীয়ে দাবী কৰা অনুসৰি আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা চলাওতেই আৰক্ষীয়ে পাঠাক গুলীয়াবলৈ বাধ্য হয়।
তদন্তৰ খাতিৰত অনুসন্ধানকাৰী আৰক্ষীৰ দলে হত্যাকাণ্ডটো সংঘটিত হোৱা স্থানলৈ লৈ আহোতে বাটৰ পৰা পলায়ন কৰিব খোজা পাঠাক আৰক্ষীয়ে গুলীচালনা কৰে।
বৰ্তমান সময়ত অভিযুক্ত ছৈয়দ আলী ওৰফে পাঠা আলী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য, ২০ জুনত ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল এক নৃশংস ধৰ্ষণ-হত্যা কাণ্ড। এগৰাকী ৯ বছৰীয়া কিশোৰীক নৃশংসভাৱে হত্যা কৰি ধৰ্ষণ কৰিছিল ছৈয়দ আলীয়ে।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post