ভূৰাগাৱঁৰ ধৰ্ষণ-হত্যাকাণ্ডৰ পুনৰ বিৱৰণৰ বাবে পুৱতি নিশা ঘটনাস্থলীলৈ লৈ আনে পাঠাক। শনিবাৰে পুৱা ৪.৩০ বজাত দণ্ডাধীশ মৈত্ৰেয়ী মৰাণৰ নেতৃত্বত মৰিগাঁও আৰক্ষীৰ বৃহৎ এটি দলে হত্যাকাৰী পাষণ্ড পাঠাক লগত লৈ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ পুনৰ বিৱৰণ ল’লে আৰক্ষীয়ে।
বিগত ২০ জুনত ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল জঘন্য ধৰ্ষণ হত্যাকাণ্ডটো।
এগৰাকী ৯ বছৰীয়া কণমানিক পাষণ্ড পাঠাই ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰি মৰাপাটৰ খেতিত পেলাই থৈ গৈছিল।
আজি জঘন্য ঘটনাটোৰ পুনৰ বিৱৰণ দাঙি ধৰাৰ লগতে ঘটনাটো পাঠাই সংঘটিত কৰিছিল বুলি সংবাদ মাধ্যমৰ আগত নিজ মুখে স্বীকাৰ কৰে। সাংবাদিকে প্ৰশ্ন কৰাত অকপট স্বীকাৰোক্তি পাঠাৰ।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post