বটদ্ৰৱা থানা (Batadrava Police Station) জ্বলাবলৈ উচটনি দিয়া মাষ্টাৰমাইণ্ড আছিকূল ইছলামৰ মৃত্যু (Mastermind Ashikul Islam Died)। নিশা আৰক্ষীৰ বাহনৰ পৰা জাঁপ মাৰি পলাবলৈ চেষ্টা কৰিছিল আছিকুল ইছলামে। তাৰ পিছতে আৰক্ষীৰ বাহনৰ খুন্দাত নিহত আছিকূল। আৰক্ষী বাহনৰ পৰা জপিয়াই দিয়াৰ ফলত নিহত হয় আছিকূল।
দেওবাৰে বটদ্ৰৱা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিকূল ইছলামক নগাঁও আৰক্ষীয়ে (Nagaon Police) গ্ৰেপ্তাৰ (Arrest) কৰিছিল। তাৰ পিছতে নিশা আৰক্ষীয়ে আছিকূলক লগত লৈ সুনাইবেৰাত চলাইছিল অভিযান। আৰক্ষীয়ে আছিকূলৰ বাসগৃহৰ পৰা এটা পইণ্ট ২২ আৰু এটা ৭.৬৫ পিষ্টলসহ কেইবাজাঁই সজীৱ গুলী উদ্ধাৰ কৰে। অভিযান চলাই উভতি অহাৰ পথতে আৰক্ষীৰ বাহনৰ পৰা জাঁপ মাৰি পলায়নৰ চেষ্টা কৰিছিল আছিকূলে। পিছফালে থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় আছিকুল। বটদ্ৰৱাৰ (Batadrava) ৰাইডঙীয়াত সংঘটিত হৈছে এই ঘটনা।
উল্লেখযোগ্য যে, বটদ্ৰৱা থানা জ্বলাই (Batadrava Police Station Burn Case) দিয়া ঘটনাৰ দিনাখন আশ্বিকুল ইছলামে এটা ৰঙা টি চাৰ্ট পৰিধান কৰি উন্মত্ত জনতাক আইন হাতত তুলি লোৱাৰ বাবে প্ৰৰোচিত কৰিছিল। আৰক্ষীয়ে আশ্বিকুলৰ বাসগৃহত অভিযান চলাৱোৰ সময়ত পিষ্টল আৰু গুলীৰ লগতে সেই ৰঙা টি চাৰ্টটোও উদ্ধাৰ কৰে।
ইফালে আছিকূলৰ মৃত্যুৰ পিছতে কান্দোনৰ ৰোল পৰিয়ালটোত।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post