পুনৰ সাধাৰণৰ জনতাৰ মূৰত ৰামটাঙোন ৰাজ্য চৰকাৰৰ (Assam Government)। পুনৰ বৃদ্ধি হ’ল বাছৰ ভাড়া (Bus Fare Hike)। পৰিবহন বিভাগে (Transport Department) সংগোপনে বৃদ্ধি কৰিলে বাছৰ ভাড়া।
কোনেও গম নোপোৱাকৈ ১৪ ছেপ্তেম্বৰতে এক নিৰ্দেশনাযোগে ভাড়া বৃদ্ধি কৰে পৰিবহন বিভাগে। এতিয়াৰে পৰা চিটীবাছৰ সৰ্বাধিক ভাড়া হ’ব ৩০ টকা। অর্থাৎ এতিয়াৰে পৰা চিটী বাছত উঠিলেই দিব লাগিব ১০ টকা।
- ৫ কিলোমিটাৰলৈ যাত্ৰা কৰিলে এতিয়াৰে পৰা বাছৰ ভাড়া হ’ব ১০ টকা।
- ৫ৰ পৰা ৯ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ১৫ টকা।
- ৯ৰ পৰা ১৩ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ১৮ টকা।
- ১৩ৰ পৰা ১৭ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ২২ টকা।
- ১৭ৰ পৰা ২১ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ২৬ টকা।
- ২১ৰ পৰা ২৫ কিলোমিটাৰলৈ যাত্ৰা কৰিলে দিব লাগিব ৩০ টকা ভাড়া।
লগতে ২৫ কিলোমিটাৰতকৈ অধিক যাত্ৰা কৰিলে প্ৰতি কিলোমিটাৰত বৃদ্ধি হ’ব ১ টকাকৈ ভাড়া।
Photo: Google




























Discussion about this post