বৰপেটাৰ (Barpeta) কাৱৈমাৰীত (Kawoimari) ডেৰ বছৰীয়া শিশুৰ সলিলসমাধি (Baby Drowned)। নিজ ঘৰৰ পুখুৰীত পৰি সলিলসমাধি ঘটে শ্বেৰমান আলীৰ। খেলি থাকোঁতে নিজ ঘৰৰ পুখুৰীত পৰি ডেৰ বছৰীয়া শিশুৰ সলিল সমাধি ঘটা ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰী ১০নং ব্লকত।
কাৱৈমাৰী (Kawoimari) ১০নং ব্লকৰ হাসমত আলীৰ ডেৰ বছৰীয়া পুত্ৰ শ্বেৰমান আলী নিজ ঘৰৰ পুখুৰীত পৰি সলিলসমাধি ঘটাত কাৱৈমাৰী ১০নং ব্লকত শোকৰ ছাঁ পৰিছে।
পুৱা প্ৰায় ৯ বজাত এই ঘটনা সংঘটিত হয়। ডেৰ বছৰীয়া শিশু শ্বেৰমান আলীক ততাতৈয়াকৈ ভক্তৰডৱা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ সু-ব্যৱস্থা নথকাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰপেটালৈ গৈ থকা অৱস্থাত আদবাটতে মৃত্যু হয় শ্বেৰমান আলীৰ।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post